অসম

assam

ETV Bharat / state

বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল বৰপেটাত

বৰপেটাত উপস্থিত বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ বিধায়কৰ দল ৷ ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিৰ কাম পৰীক্ষা কৰে দলটোৱে ৷

team of mlas went to barpeta for monitoring implementation government project
বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল বৰপেটাত

By

Published : Nov 9, 2021, 8:25 PM IST

বৰপেটা, ৯ নৱেম্বৰ :বৰপেটাত উপস্থিত বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ আঠজনীয়া বিধায়কৰ দল ৷ দলটোৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত যোৱা দলটোত আছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হাফিজ বাছিৰ আহমেদ কাছিমী, বসন্ত দাস, কামলাক্ষ দে’ পুৰকায়স্থ, ভবেন্দ্ৰ নাথ ভৰালী, কৰিমুদ্দিন বৰভূঞা আৰু মাধৱ ডেকা ।

বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল বৰপেটাত

তেওঁলোকে প্ৰথমে ডিআৰডিএৰ দ্বাৰা চতুৰ্দশ বিত্তীয় আঁচনিৰ অধীনত চেঙাত নিৰ্মিত জিৰণি চ’ৰা পৰিদৰ্শন কৰে, তাৰ পিছত লোক-নিৰ্মাণৰ দ্বাৰা নিৰ্মাণ কৰা স্বাক্ষৰ আঁচনিৰ অধীনত চেঙা-বহৰি পথটো পৰিদৰ্শন কৰে ৷ ইয়াৰ পিছতে দলটো সৰুক্ষেত্ৰী সমষ্টিলৈ ৰাওনা হয় ৷

সৰুক্ষেত্ৰী সমষ্টিৰ কৃষ্ণগুৰু সেৱাশ্ৰমত জলসম্পদ বিভাগে নিৰ্মাণ কৰা SOPD-G আঁচনিৰ অধীনত ৫ কোটি ৩৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান আঁচনিটো পৰিদৰ্শন কৰে ৷

ইয়াৰোপৰি, দলটোৱে জিলাখনৰ বিভিন্ন বিভাগৰ আচনি পৰিদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে ৷ আঁচনি সমুহ পৰিদৰ্শন কৰি ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ অধ্যক্ষ ৱাজেদ আলী চৌধুৰীয়ে কয় যে, চৰকাৰে আঁচনি সমুহৰ নামত দিয়া ধন সমুহ সঠিক ভাৱে ৰূপায়ন হৈছে নে নাই চোৱাতো আমাৰ দায়িত্ব ৷

বিধান সভাৰ ৰাজহুৱা হিচাপ পৰীক্ষন সমিতিৰ বিধায়কৰ দল বৰপেটাত

বৰপেটা এখন কৃষি প্ৰধান জিলা ৷ জিলাখনৰ কৃষকে উৎপাদিত পাচলি বিক্ৰীৰ তথা সংৰক্ষণৰ ক্ষেত্ৰত সমস্যাত ভুগি থকা বুলিও তেওঁ উল্লেখ কৰে ৷ আনহাতে, সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰেও দলটিক সংগ দিয়ে ৷ জাকিৰ হুছেইন শিকদাৰে জানিবলৈ দিয়ে যে এনেধৰণৰ পৰিদৰ্শনে জিলাখনৰ উন্নতি হোৱাত সহায় কৰে ৷
লগতে পঢ়ক :ডিব্ৰুগড়ত আৰক্ষী বিষয়াৰে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details