জনিয়া, 11 এপ্ৰিল :বেকী নদীৰ গৰাখহনীয়াই কলগাছিয়াত লৈছে ভয়ংকৰ ৰূপ (Erosion of Beki river) ৷ বাৰিষাৰ অহাৰ লগে লগে বেকী নৈৰ কালৰূপে নিদ্ৰা হৰণ কৰিছে স্থানীয় লোকৰ (Erosion of Beki river at Kalgachia) ৷ বিগত দহ বছৰ ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ মাজেদি বৈ যোৱা বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি গুইলেজা, বৰডাংগা, চৰচৰীয়া, জেকনিকুৰা, মিনিছিমলা আদি ৰাজহ গাঁও সমূহ নিচিহ্ন কৰি পেলোৱাৰ লগতে বানপানীৰ প্ৰাক মূহুৰ্তত গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰি চৰ গুইলেজাত কেইবাটাও পৰিয়ালৰ ঘৰ-ভেটি উচন কৰিছে ৷
তেনে সময়তে সোমবাৰে বৰপেটা জিলা প্ৰশাসনৰ লগতে নাৱাৰ্ড আৰু বিশ্ব বেংকৰ প্ৰতিনিধিৰ দল এটাই বেকী নদীৰ পাৰত খহনীয়াৰ বুজ ল’বলৈ আহে যদিও কেতিয়াৰ পৰা এই কাম আৰম্ভ কৰা হ’ব তাৰ কোনোধৰণৰ নিশ্চয়তা প্ৰকাশ কৰিব পৰা নাই প্ৰশাসনৰ লগতে প্ৰতিনিধি দলটোৱে (Team from NABARD and World Bank observed Beki River erosion) ।