অসম

assam

By

Published : Jan 17, 2023, 7:57 PM IST

ETV Bharat / state

Teachers Irregularities at Kalgachia: ডেৰমাহ হ’ল বিদ্যালয়লৈ অহা নাই বাইদেউ

ৰাজ্যৰ শিক্ষাখণ্ডত কঠোৰৰ পৰা কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো একাংশ শিক্ষক-শিক্ষয়িত্ৰীৰ গা ল’ৰা নাই ৷ এইবাৰ কলগাছিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসহ প্ৰধান শিক্ষকক জ্বলাকলা খুৱাইছে সহ-শিক্ষয়িত্ৰী অনামিকা দাসে(Teachers Irregularities at Kalgachia) ৷

Teachers Irregularities at Kalgachia
ডেৰমাহ হ’ল বিদ্যালয়লৈ অহা নাই বাইদেউ

ডেৰমাহ হ’ল বিদ্যালয়লৈ অহা নাই বাইদেউ

জনীয়া, 17 জানুৱাৰী: "মই বিদ্যালয়লৈ কাইলৈ এপাক যাম ৰ’ব ৷ আপুনি মিডিয়াক কৈ দিব মই ছুটীত আছো বুলি ৷ আপোনালোকে যি কৰে কৰি থাকক, মোৰ মানুহ আছে মই মোৰ অনুপস্থিতি ঠিক কৰি লৈ লম ৷" প্ৰধান শিক্ষকক ফোনযোগে দম্ভালি শিক্ষয়িত্ৰী বাইদেউৰ ৷

এতিয়া আহিছো প্ৰকৃত ঘটনালৈ ৷ বৰপেটা জিলাৰ কলগাছিয়াস্থিত ৰূপসী শিক্ষা খণ্ডৰ অধীনস্থ ১৯২০ নং পশ্চিম আমগুৰি প্ৰাথমিক বিদ্যালয়ত ব্যাপক অনিয়ম সংঘটিত হৈছে (Scam at School)। বিদ্যালয়খনৰ শিক্ষয়িত্ৰী অনামিকা দাসে নিজৰ কৰ্তব্য পালনৰ পৰিৱৰ্তে ঘৰত বহিয়ে দৰমহাৰ টকা ভোগ কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে (Teachers Irregularities at Kalgachia) ৷

বিদ্যালয়খনৰ প্ৰধান শিক্ষক ফইজুল হকৰ মতে বিগত ডেৰ মাহৰ পৰা বিদ্যালয়ত অনুপস্থিত হৈ আছে অনামিকা দাস নামৰ শিক্ষয়িত্ৰীগৰাকী । প্ৰধান শিক্ষককো ভ্ৰূক্ষেপ কৰা নাই সহ-শিক্ষয়িত্ৰী অনামিকা দাসে ৷ সহ-শিক্ষয়িত্ৰীগৰাকী অনুপস্থিত থকাৰ বাবে প্ৰধান শিক্ষকে উপস্থিতিৰ বহীত অনুপস্থিত থকা বুলি লিখি থব বুলি ভয় দেখুৱায় যদিও কেৰেপ নকৰে শিক্ষয়িত্ৰীগৰাকীয়ে ৷ ইফালে ওলোটাই প্ৰধান শিক্ষকগৰাকীক ধমকিৰ সুৰত প্ৰত্যুত্তৰ দি কয় যে মই ছুটীৰ আবেদন দি থৈছো ৷

ইপিনে গুণোৎসৱৰ সময় আহি পালে বুলি শিক্ষয়িত্ৰীগৰাকীক বাৰে বাবে কোৱা স্বত্বেও কোনো কথাই শুনা নাই দাসে ৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকিব বুলি অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্যসকলে বাৰম্বাৰ কোৱা স্বত্বেও সহ-শিক্ষয়িত্ৰীগৰাকীয়ে ভ্ৰূক্ষেপ নকৰে বুলি মন্তব্য কৰে প্ৰধান শিক্ষকৰ লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱক আৰু পৰিচালনা সমিতিৰ সদস্য সকলে ।

আনকি বিদ্যালয়খনৰ ছাত্ৰী-ছাত্ৰীয়েও নিজাববীয়াকৈ শিক্ষকগৰাকীক বিদ্যালয়লৈ আহিবলৈ লিখিত আবেদন দিছিল ৷ প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে এই কথা বিভাগীয় কৰ্তৃপক্ষক জনাইছিল যদিও তেওঁলোকে শিক্ষয়িত্ৰীগৰাকীয়ে দাখিল কৰা ছুটীৰ আবেদন মানি লোৱা নাই বুলি জনায় ৷

নিজৰ কৰ্তব্যৰ পৰা পলাই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিয়া শিক্ষয়িত্ৰী অনামিকা দাসক অন্য বিদ্যালয়লৈ স্থানান্তৰ কৰি ভাল শিক্ষক নিয়োগ কৰিবলৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু (Education Minister Ranoj Pegu) আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ (CM Himanta Biswa Sarma) আবেদন জনায় অভিভাৱক তথা পৰিচালনা সমিতিৰ সদস্য আৰু স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Nagaland bandh postponed: নিৰ্বাচনৰ পূৰ্বে নগা সমস্যাৰ সমাধান বিচাৰি আহ্বান জনোৱা নাগালেণ্ড বন্ধ স্থগিত

ABOUT THE AUTHOR

...view details