অসম

assam

ETV Bharat / state

শিক্ষক দিৱসতে উচুপি উঠিল এজন শিক্ষক

সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা 30 টা বছৰে বিনা বেতনে কাম কৰি অচলা অৱস্থা শিক্ষক গৰাকীৰ ৷ নিজৰ ল'ৰা-ছোৱালী নথকা শিক্ষক গৰাকীয়ে নিজৰ লগতে পত্নীক পোহপাল দিবলৈ শিক্ষকতাৰ উপৰিও সাংবাদিকতাৰ পথাৰত ভৰি দিয়ে

By

Published : Sep 5, 2019, 3:04 PM IST

শিক্ষক দিৱসতে উচুপি উঠিল এজন শিক্ষক

বৰপেটা, 5 চেপ্তেম্বৰঃ শিক্ষক দিৱসৰ দিনটোতে আবেগিক হৈ পৰিল এজন অৱসৰপ্ৰাপ্ত শিক্ষক ৷ বিদ্যালয় অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা সুদীৰ্ঘ 30 বছৰে বিনা বেতনে শিক্ষকতা কৰি চলিত বৰ্ষত 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে সৰভোগৰ তৰুণ চন্দ্ৰ গোস্বামী নামৰ শিক্ষক গৰাকীয়ে ৷ সৰভোগ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত অপ্ৰাদেশীকৃত অৱস্থাৰ পৰা 30 টা বছৰে বিনা বেতনে কাম কৰি দুৰ্বিসহ অৱস্থা শিক্ষক গৰাকীৰ ৷ নিজৰ ল'ৰা-ছোৱালী নথকা শিক্ষক গৰাকীয়ে নিজৰ লগতে পত্নীক পোহপাল দিবলৈ শিক্ষকতাৰ উপৰিও সাংবাদিকতাৰ পথাৰত ভৰি দিয়ে ৷ বৰ্তমানলৈকে বহুকেইখন বাতৰি কাকতত সংবাদ কৰ্মী হিচাপে কৰ্মৰত তৰুণ চন্দ্ৰ গোস্বামী বৰপেটা জিলা সাহিত্য সভাৰ কোষাধ্যক্ষ হিচাপে কাম কৰে ৷ আসাম প্ৰেছ কৰচপণ্ডেন্ট ইউনিয়নৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি পদত কাম কৰাৰ লগতে অপ্ৰাদেশীকৃত মধ্য ইংৰাজী শিক্ষক সন্থাৰ ৰাজ্যিক প্ৰচাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে গোস্বামীয়ে।

শিক্ষক দিৱসতে উচুপি উঠিল এজন শিক্ষক

ABOUT THE AUTHOR

...view details