অসম

assam

ETV Bharat / state

জনীয়াৰ কাদং হাইস্কুলৰ শিক্ষক কৰ্মচাৰীক বিদায় সম্বৰ্ধনা - জনীয়াৰ কাদং হাইস্কুলৰ শিক্ষক কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

কাদং হাইস্কুল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি আব্দুল হাকিমৰ সভাপতিত্বত এখন বিদায়ী সভাত শিক্ষক মহম্মদ ওমৰ আলী, প্ৰহ্লাদ তালুকদাৰ আৰু কাৰ্যালয় সহায়ক আব্দুল কৰিম আলীক সম্বৰ্দ্ধনা জনোৱা হয় । কৰ্মজীৱনৰ পৰা বিদায় লোৱা তিনিওগৰাকীকে ফুলাম গামোচা, শৰাই, ফুলাম জাপি,গ্ৰন্থৰ টোপোলা, চাদৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

জনীয়াৰ কাদং হাইস্কুলৰ শিক্ষক কৰ্মচাৰীক বিদায় সম্বৰ্ধনা
জনীয়াৰ কাদং হাইস্কুলৰ শিক্ষক কৰ্মচাৰীক বিদায় সম্বৰ্ধনা

By

Published : Feb 9, 2021, 8:49 PM IST

জনীয়া, ৯ ফেব্ৰুৱাৰী:জনীয়া সমষ্টিৰ কাদং হাইস্কুলৰ তিনিগৰাকী শিক্ষক কৰ্মচাৰীক মঙলবাৰে এক বিশেষ অনুষ্ঠানত বিদায় সম্বৰ্দ্ধনা জনোৱা হয় । কাদং হাইস্কুল বিদ্যালয় পৰিচালনা আৰু উন্নয়ন কমিটিৰ সভাপতি আব্দুল হাকিমৰ সভাপতিত্বত এখন বিদায়ী সভাত শিক্ষক মহম্মদ ওমৰ আলী, প্ৰহ্লাদ তালুকদাৰ আৰু কাৰ্যালয় সহায়ক আব্দুল কৰিম আলীক সম্বৰ্দ্ধনা জনোৱা হয় । শিক্ষক হাইদৰ তালুকদাৰে আঁত ধৰা সভাত কৰ্মজীৱনৰ পৰা বিদায় লোৱা তিনিওগৰাকীকে ফুলাম গামোচা, শৰাই, ফুলাম জাপি,গ্ৰন্থৰ টোপোলা, চাদৰ আদিৰে সম্বৰ্দ্ধনা জনোৱা হয় ।

অনুষ্ঠানত শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্র-ছাত্ৰীসকল উপস্থিত থাকে । উক্ত সভাত বিশিষ্ট অতিথি হিচাপে মন্দিয়া আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্য ৰফিকুল ইছলাম, সচেতন নাগৰিক তথা সমাজকৰ্মী মহম্মদ আলী, কৃষক নেতা জয়নাল আবেদিনকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

লগতে পঢ়ক:নগাঁৱত ব্ৰাউন চুগাৰসহ আটক সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details