পাঠশালা , 10 ফেব্ৰুৱাৰী :কিছুদিন পূৰ্বে সৰ্বভাৰতীয় পৰ্যায়ৰ NEET (NATIONAL ELIGIBILITY CUM ENTRANCE TEST 2022) পৰীক্ষাত উত্তীৰ্ণ হৈ মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নিৰ্বাচিত হৈছিল বজালীৰ পাটাছাৰকুছিৰ ৰাহুল দাস নামৰ যুৱকজন ৷ সঁচাকৈয়ে চাহ দোকানী ৰাহুলে দিল্লীৰ এইমছত নামভৰ্তিৰ সুযোগ পোৱাতো আছিল যেন এটা সাধু কথা ৷ ৰাজ্যৰ প্ৰায় সকলো সংবাদ মাধ্যম ৰাহুলৰ প্ৰসংসাত হৈ পৰিছিল পঞ্চমুখ ৷ আনকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চলি আছে সম্প্ৰতি ৰাহুল বন্দনা (News for a week) ।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও ৰাহুলৰ পঢ়াৰ সমস্ত দায়িত্ব ল’ব বুলি ঘোষণা কৰিছিল ৷ আনকি ৰাহুলৰ এই সাফল্যৰ বাতৰি লাভ কৰাৰ পাছতেই মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাহুলক তেওঁৰ গুমতি দোকানত আহি সাক্ষাৎ কৰি শুভেচ্ছা জনাই ৰাহুলক সকলো ধৰণৰ সহায় কৰাৰ আশ্বাস দিয়ে ৷
এই খবৰৰ লগে লগে বহু লোকে দুখীয়া পৰিয়ালৰ ছাত্ৰ ৰাহুলক আৰ্থিকভাৱে সহায় কৰিবলৈও আগবাঢ়ি আহিছিল । পিছে ইয়াৰ পাছতে অঞ্চলটোৰ কেইগৰাকীমান সচেতন যুৱকৰ অনুসন্ধানত ওলাই পৰিল ৰাহুলৰ ভণ্ডামি (Tea Seller Sons AIIMS Seat Story A Lie) । ৰাহুল দাসৰ বিৰুদ্ধে এতিয়া উঠিছে জালিয়াতিৰ অভিযোগ ৷