বৰপেটা, ৬ জুন :কৰ’ণাকালীন পৰিস্থিতিয়ে মানুহৰ মাজলৈ ভয়াৱহ সংকট কঢ়িয়াই আনিছে ৷ এনে এক সংকটকালীন সময়ত মানুহে মানুহৰ সহায়ৰ বাবে বিভিন্ন ধৰণে আগবাঢ়ি আহিছে ৷ দেওবাৰে বৰপেটা চহৰৰ "তাঁতীকুছি" নামৰ সামাজিক সংস্থাটোৱে চহৰখনৰ নিৰাপত্তা আৰু স্বাস্থ্য সেৱাত জড়িত আৰক্ষী আৰু চিকিৎসা কৰ্মীসকলক লঘু আহাৰ যোগান ধৰি ক'ভিড যোদ্ধা সকলৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়ায় ৷
আনহাতে চহৰখনৰ ৰিস্কা চালক আৰু ঠেলা চালকসকলৰ মাজতো লঘু আহাৰ বিতৰণ কৰে সামাজিক সংস্থাটোৱে ৷ ক'ভিড যোদ্ধা সকলৰ লগতে শ্ৰমিকসকলৰ প্ৰতি সংস্থাটোৱে আগবঢ়োৱা এনে সহযোগিতাক সকলোৱে প্ৰশংসা কৰিছে ৷