বৰপেটা, 12 এপ্ৰিলঃ দেশজুৰি জাৰি কৰা এই লক ডাউনৰ এই দুৰ্যোগপূৰ্ণ সময়চোৱাত দুখীয়া, অভাৱগ্ৰস্থ লোকসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান তথা লোকে । ৰাজ্যখনৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা বিপিএন মটৰ্চে বৰপেটা আৰু নলবাৰীৰ প্ৰায় এহেজাৰ দুখীয়া পৰিয়ালৰ মাজত বিতৰণ কৰিছে সাহায্য সামগ্ৰী । প্ৰতিষ্ঠানটোৰ মেনেজিং ডাইৰেক্টৰ কৌশিক দাসৰ তৎপৰতাত নলবাৰী আৰু বৰপেটাৰ বিভিন্ন গাঁৱত সাহায্য সামগ্ৰী বিতৰণ কৰা হৈছে । আনহাতে বৰপেটা সত্ৰৰ ভকত সকলকো প্ৰতিষ্ঠানটোৱে সভক্তিৰে কিছু খাদ্য সামগ্ৰী আগবঢ়ায় । সত্ৰৰ ভকত সকলৰ লগতে সত্ৰৰ নিকটৱৰ্তী একাংশ দুখীয়া পৰিয়ালৰ মাজতো প্ৰতিষ্ঠানটোৱে সাহায্য বিতৰণ কৰে ।
বৰপেটা আৰু নলবাৰীৰ কেইবাখনো গাঁৱত টাটা বিপিএন মটৰ্চৰ সাহায্য বিতৰণ - বৰপেটা সত্ৰৰ ভকত
আগশাৰীৰ প্ৰতিষ্ঠান টাটা বিপিএন মটৰ্চে বৰপেটা আৰু নলবাৰীৰ কেইবাখনো গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে । লগতে বৰপেটা সত্ৰৰ ভকত সকলকো প্ৰতিষ্ঠানটোৱে কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে ।
![বৰপেটা আৰু নলবাৰীৰ কেইবাখনো গাঁৱত টাটা বিপিএন মটৰ্চৰ সাহায্য বিতৰণ tata motors helps poor people](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6760056-thumbnail-3x2-kk.jpg)
tata motors helps poor people