অসম

assam

চাউলখোৱা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

By

Published : Jan 3, 2021, 8:08 PM IST

দেওবাৰে বৰপেটাৰ চাউলখোৱা নদীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিয়া হয় ৷ বৰপেটাৰ ৰাজীৱ ভৱনত শ্ৰদ্ধাঞ্জলি অৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অন্তত কংগ্ৰেছৰ নেতা-কৰ্মী আৰু ৰাইজৰ উপস্থিতিত গগৈৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে চাউলখোৱা নদীত চীতাভষ্ম বিষৰ্জন দিয়ে ৷

Tarun Gogoi's mortal ashes dissuasion at saulkhowa river
চাউলখোৱা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

বৰপেটা,৩ জানুৱাৰী:ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ চিতাভষ্ম দেওবাৰে বৰপেটাৰ চাউলখোৱা নদীত বিসৰ্জন দিয়া হয় ৷ বঙাইগাঁও জিলাৰ পৰা তেওঁৰ চিতাভস্ম বৰপেটাৰ ৰাজীৱ ভৱনলৈ অনা হয় আৰু ইয়াৰ পাচতে শ্ৰদ্ধাঞ্জলি অৰ্পণ, সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অন্তত কংগ্ৰেছৰ নেতা-কৰ্মী আৰু ৰাইজৰ উপস্থিতিত তৰুণ গগৈৰ চিতাভষ্ম গগৈৰ পুত্ৰ তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে বৰপেটা চাউলখোৱা নদীত চীতাভষ্ম বিষৰ্জন দিয়ে ৷ এই কাৰ্যসূচীত বৰপেটা সাংসদ আব্দুল খালেকৰ লগতে কেবাগৰাকীও বিধায়কে অংশগ্ৰহন কৰে ৷

চাউলখোৱা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

উল্লেখ্য যে, জিএমচিএইছত চিকিৎসাধীন হৈ থকা অৱস্থাতে তৰুণ গগৈয়ে সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি সমাজ সেৱাৰ লগত জড়িত হ'ব বিচাৰিছিল বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে পুত্ৰ গৌৰৱ গগৈয়ে ৷ সমাজ সেৱাত জৰিত হ'ব বিচাৰিলেও কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিচাপে ২০২১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ৰণকৌশল সম্পৰ্কেও বিভিন্ন দিহা পৰামৰ্শ দি যোৱা বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷

চাউলখোৱা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

আনহাতে, তৰুণ গগৈৰ শেষকৃত্যৰ স্থানক লৈ পৰিয়ালৰ কোনো ক্ষোভ নাই বুলি প্ৰকাশ কৰি তৰুণ গগৈৰ আদৰ্শ কেনেকৈ চিৰতৰুণ কৰি ৰাখিব পাৰি আৰু অসমক লৈ দেখা সপোনবোৰ কেনেদৰে পূৰণ কৰিব পাৰি সেই কথাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা হ'ব বুলি সাংসদ পুত্ৰ গৌৰৱ গগৈয়ে মন্তব্য কৰে ৷

লগতে পঢ়ক:সৰভোগত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে নিহত এজন

ABOUT THE AUTHOR

...view details