বৰপেটা, 18 জানুৱাৰী : ভাৰতৰ একাংশ সমাজ ব্যৱস্থাত আজিও বাল্যবিবাহৰ দৰে কু-প্ৰথা প্ৰচলিত হৈ আহিছে (Child Marriage cases in India) । বাল্যবিবাহৰ দৰে এটি ব্যাধি আজিও অসমৰ চুকে-কোণে দেখিবলৈ পোৱা যায় ।
প্ৰশাসনৰ নিৰ্দেশ, সজাগতামূলক অভিযানলৈ একপ্ৰকাৰ বুঢ়া আঙুলি দেখুৱাই বৰপেটা জিলাৰ তাৰাবাৰীত সংঘটিত হ'ল বাল্য বিবাহৰ এক ঘটনা (Child marriage in Barpeta) ৷ ৰভাতলীৰ পৰা উদ্ধাৰ হ'ল এগৰাকী 17 বছৰীয়া নাবালিকা ৷
কিন্তু নাবালিকাগৰাকীৰ বাল্যবিবাহ কৰাবলৈ গৈ ৰঙাঘৰৰ আলহী হ'ল অভিভাৱক, দৰা আৰু কাজিসহ পাঁচজনকৈ লোক (Tarabari police caught five persons involve in a child marriage) ৷
বাল্যবিবাহ কৰাবলৈ আহি আটকাধীন 5 গৰাকী লোক উল্লেখ্য যে, বৰপেটা চাইল্ড লাইনৰ তথ্যৰ ভিত্তিত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত আৰক্ষীৰ এটি দলে হৰিপুৰত অভিযান চলাই নাবালিকাগৰাকীক বিবাহৰ সময়তে ৰভাতলীৰ পৰা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত থকা কাজিৰ পৰা জব্দ কৰে বিবাহ সংক্ৰান্তীয় কিছু নথি-পত্ৰ ৷ এই ঘটনাৰ পাছতে আৰক্ষীয়ে নাবালিকাগৰাকীক শিশু কল্যাণ কমিটিক গতাই দিয়ে ।
এনেদৰে এগৰাকী নাবালিকাক বিয়া কৰাবলৈ আহি দৰা আৰু কাজিসহ ক্ৰমে হৰিপুৰৰ মজ্জাম দেৱান, বৰপেটা সদৰ থানাৰ অন্তৰ্গত বেলট্টাৰী গাঁৱৰ ক্ৰমে দৰা মহিবুল আলী(২২), কাজি ছহিদুল ইছলাম (৩৩), ছাহ আলম(৩৪) আৰু ঠাণ্ডু মিঞা পৰিলে আৰক্ষীৰ জালত ৷
ঘটনা সংক্ৰান্তত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ নেওগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি ধৃত পাঁচোজন ব্যক্তিক বৰপেটা আদালতত হাজিৰ কৰোৱায় ৷ তদুপৰি বাল্যবিবাহৰ দৰে কু-প্ৰথাৰ পৰা ৰাইজক আঁতৰি থাকিবলৈ আহ্বান জনোৱাৰ লগতে সকলোকে সজাগ আৰু সচেতন হৈ বাল্যবিবাহৰ বিৰুদ্ধে যুঁজ দিবলৈও আহ্বান জনাইছে তাৰাবাৰী আৰক্ষীয়ে ৷
লগতে পঢ়ক :নাবালিকাক ধৰ্ষণ কৰি বাল্যবিবাহ কৰাই ৰঙাঘৰৰ আলহী হ’ল কোন ?