কলগাছিয়া, 1 নৱেম্বৰ :বৰপেটা জিলাৰ কলগাছিয়াৰ ফখৰুদ্দিন আলী আহমেদ একাডেমিৰ সঞ্চালকৰ তালিবানীকাণ্ড। ১৬ বছৰীয়া এগৰাকী ছাত্ৰক বিহিলে শাস্তি । থানাত এজাহাৰ দাখিল অভিভাৱকৰ।
ঘটনাৰ বিৱৰণী অনুসৰি, ফখৰুদ্দিন আলী আহমেদ একাডেমিত অধ্যয়নৰত অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰই প্ৰতিদিনৰ দৰে বিদ্যালয়লৈ যোৱাৰ পিচতে শিক্ষক তথা সঞ্চালক ইফতিকাৰ আলী আহমেদে ছাত্ৰজনক মাতি আচবাব ভাংচুৰ কৰাৰ কথা সোধে ৷ ছাত্ৰজনে সেই কথা অস্বীকাৰ কৰাৰ পিচতে শিক্ষকজনে একো নুশুনি ছাত্ৰজনক নিৰ্বিচাৰে প্ৰহাৰ কৰে ৷ তাৰ পিচত শিক্ষকৰ প্ৰহাৰত ছাত্ৰজন অজ্ঞান হৈ প্ৰহাৰ কৰে ৷
ইয়াৰ পিচত ছাত্ৰজনক শিক্ষকগৰাকীয়ে নিজ চেম্বাৰলৈ লৈ গৈ পুনৰ তাত প্ৰহাৰ কৰে ৷ ইমানেই নহয় শিক্ষক তথা সঞ্চালক ইফতিকাৰ আলী আহমেদে অমানৱীয়তাৰ চৰম সীমা অতিক্ৰম কৰি ভুক্তভোগী ছাত্ৰগৰাকীক বিদ্যালয়ৰ পৰা উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰি উকা কাগজত চহী লোৱাৰ উপৰিও আচবাবপত্ৰ ভঙাৰ বাবে নগদ পোন্ধৰশ টকা জৰিমনা সংগ্ৰহ কৰিছে বুলি অভিযোগ কৰিছে ছাত্ৰগৰাকীৰ পিতৃয়ে ।