অসম

assam

ETV Bharat / state

Conversion to Christianity: অন্ন যোজনাৰ হিতাধিকাৰীক টাৰ্গেট কৰি ধৰ্মান্তকৰণৰ কৌশল

ৰাজ্যত চলিছে খ্ৰীষ্টান ধৰ্মান্তকৰণৰ গোপন অভিসন্ধি ! টাৰ্গেট অন্ন সুৰক্ষা যোজনাৰ হিতাধিকাৰী । অন্ন সুৰক্ষাৰ হিতাধিকাৰীৰ হাতত তুলি দিয়া হৈছে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰা পুস্তিকা । পুস্তিকা ল'বলৈ অমান্তি হ'লে হিতাধিকাৰীক প্ৰাপ্য চাউলৰপৰা ৩-৪ কেজিকৈ চাউল কৰ্তন কৰাৰো ভাবুকি চৰকাৰী সুলভ মূল্যৰ দোকানী ৰমেশ চন্দ্ৰ বড়োৰ ।

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 4:02 PM IST

Conversion to Christianity
বৰপেটা-বাক্সাৰ সীমামূৰীয়া অঞ্চলত খ্ৰীষ্টান ধৰ্মান্তকৰণৰ কৌশল

বৰপেটা-বাক্সাৰ সীমামূৰীয়া অঞ্চলত খ্ৰীষ্টান ধৰ্মান্তকৰণৰ কৌশল

বৰপেটা, ১২ ছেপ্টেম্বৰ:বৰপেটা আৰু বাক্সা জিলাৰ সীমাৱৰ্তী হাউলীৰ হেলনাৰপাম গাঁৱত ধৰ্মান্তৰকৰণৰ ঘটনাক লৈ গাঁওবাসীৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৷ গঞাঁ ৰাইজৰ অভিযোগ, গাঁওখনৰ সুলভ মূল্যৰ দোকানী ৰমেশ চন্দ্ৰ বড়োৱে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ বাবে অৱলম্বন কৰিছে কৌশলী পন্থা । ৰমেশ চন্দ্ৰ বড়োৱে হিন্দু ধৰ্ম এৰি গ্ৰহণ কৰিছে খ্ৰীষ্টান ধৰ্ম । খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হোৱাৰ পিচতে তেওঁ স্থানীয় গাঁওবাসীকো খ্ৰীষ্টানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৰচনা কৰিছে কূট-কৌশল ।

তেওঁৰ সুলভ মূল্যৰ দোকানলৈ অন্ন সুৰক্ষা যোজনাৰ চাউল নিবলৈ অহা হিতাধিকাৰীৰ হাতে হাতে তুলি দিছে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰা পুস্তিকা ।
হিতাধিকাৰীসকলক সেই পুস্তিকা পঢ়িবলৈ উপদেশ দিছে সুলভ মূল্যৰ দোকানী ৰমেশ চন্দ্ৰ বড়োৱে । আনকি পুস্তিকা ল'বলৈ অমান্তি হ'লে হিতাধিকাৰীক প্ৰাপ্য চাউলৰপৰা ৩-৪ কেজিকৈ চাউল কৰ্তন কৰাৰো ভাবুকি দিয়ে ৰমেশ চন্দ্ৰ বড়োৱে ।

অকল এয়াই নহয় ৷ স্থানীয় লোকে জনোৱামতে, অঞ্চলটোত পিয়াপি দি ফুৰিছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকাৰী গোট ৷ দোকানত সামগ্ৰী ক্ৰয় কৰাৰ চলেৰে আন একাংশ দোকানীকো কৰিছে টাৰ্গেট ৷ গাঁওখনৰ আন দোকানীৰ জৰিয়তেও খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ পুস্তিকা বিতৰণত নামি পৰিছে এটা চক্ৰ ৷ এতিয়া এনেদৰেই ৰাজ্যত ধৰ্মান্তকৰণৰ জাল পেলাইছে খ্ৰীষ্টানধৰ্মী চক্ৰ এটাই ৷ ইয়াকে লৈ হাউলীৰ সীমাৱৰ্তী হেলনাৰপাম গাঁওৰখনৰ লোকসকল হৈ পৰিছে উদ্বিগ্ন ৷

গাঁওখনৰ গঞাই সুলভ মূল্যৰ দোকানীৰ জৰিয়তে চলা ধৰ্মান্তকৰণ বন্ধ কৰিবলৈ আৰু চাউল কমকৈ দিয়া ঘটনাটোৰ তদন্ত কৰি বিহীত ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনাইছে ।

লগতে পঢ়ক:Ranjeet Dass: ৰাজনৈতিক দলৰ প্ৰভাৱমুক্ত হ’ব গাঁও পঞ্চায়ত; মন্ত্রী ৰণজিৎ দাস

ABOUT THE AUTHOR

...view details