বৰপেটা,২৩ ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহি আৰক্ষীৰ গুলীত নিহত হোৱা ৰাজ্যৰ পাঁচগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰপেটা জিলা যুৱ কংগ্ৰেছে ৷ জিলাখনৰ হাউলী চহৰত সোমবাৰে সন্ধিয়া বৰপেটা জিলা যুৱ কংগ্ৰেছে অনুষ্ঠিত কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় লোকে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে শ্বহীদসকলক ৷
বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি - বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি
আনহাতে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে দুটি কিশোৰসহ পাঁচ গৰাকী লোকক নৃশংসভাৱে গুলিয়াই হত্যা কৰাৰ অভিযোগ তুলি যুৱ কংগ্ৰেছে উক্ত ঘটনাৰ এক উচ্চপৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায় ।
![বৰপেটাত CAA বিৰোধী অন্দোলনৰ পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5473627-thumbnail-3x2-kk.jpg)
পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি
পাঁচগৰাকী শ্বহীদক শ্ৰদ্ধাঞ্জলি
হাউলী চহৰৰ চাৰিআলিত আয়োজিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত জাতীয় শ্বহীদ কেইগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ঈশ্বৰৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনায় স্থানীয় ৰাইজে। আনহাতে আৰক্ষীয়ে ইচ্ছাকৃতভাৱে দুটি কিশোৰসহ পাঁচ গৰাকী লোকক নৃশংসভাৱে গুলিয়াই হত্যা কৰাৰ অভিযোগ তুলি যুৱ কংগ্ৰেছে উক্ত ঘটনাৰ এক উচ্চপৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায় ।
লগতে পঢ়ক: গণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ