অসম

assam

By

Published : Apr 6, 2021, 8:08 PM IST

Updated : Apr 6, 2021, 8:37 PM IST

ETV Bharat / state

শ্বহীদ দিলীপ কুমাৰ দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি

শোকাকুল পৰিৱেশৰ মাজতে বজালীৰ ভাৰেগাঁৱত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল শ্বহীদ দিলীপ কুমাৰ দাসৰ ৷ পঞ্চভূতত বিলীন হ'ল জোৱান গৰাকী ৷

শ্বহীদ দিলীপ কুমাৰ দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি
শ্বহীদ দিলীপ কুমাৰ দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি

বৰপেটা,6 এপ্ৰিল: শোকাকুল পৰিৱেশৰ মাজতে বজালীৰ ভাৰেগাঁৱত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল শ্বহীদ দিলীপ কুমাৰ দাসৰ ৷ পঞ্চভূতত বিলীন হ'ল শ্বহীদ জোৱান গৰাকী ৷

সামৰিক মৰ্যদাৰে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় শ্বহীদ দিলীপ কুমাৰ দাসক ৷ তদুপৰি শেষকৃত্য অনুষ্ঠানত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জনাই অসংখ্য স্থানীয় লোকে ৷ শনিবাৰে মাওবাদীৰ ভয়াৱহ আক্ৰমণত শ্বহীদ হোৱা ২২ গৰাকী জোৱানৰ মাজৰ এগৰাকী আছিল দিলীপ কুমাৰ দাস । যোৱা মাৰ্চ মাহত শেষবাৰৰ বাবে ঘৰলৈ আহিছিল জোৱান গৰাকী ৷

শ্বহীদ জোৱান দিলীপ কুমাৰ দাসলৈ শেষ শ্ৰদ্ধাঞ্জলি

শ্বহীদ জোৱান দিলীপ কুমাৰ দাসে পৰিয়ালত এৰি থৈ গৈছে পিতৃ-মাতৃৰ লগতে পত্নী, দুগৰাকী কন্যা ৷ প্ৰথমে এগৰাকী সাধাৰণ জোৱান হিচাপে চিআৰপিএফত যোগদান কৰিছিল দাসে ৷ কিন্তু পাচলৈ চিআৰপিএফৰ ২১০ নম্বৰ কোব্ৰা বেটেলিয়নৰ এজন পৰিদৰ্শক হিচাপে দিলীপ কুমাৰ দাসে কৰ্মৰত আছিল ৷

লগতে পঢ়ক: ন দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব এই নিৰ্বাচনত ? এক বিশ্লেষণ...

Last Updated : Apr 6, 2021, 8:37 PM IST

ABOUT THE AUTHOR

...view details