বৰপেটাৰোড, 17 মাৰ্চ :দুগ্ধনগৰী খ্যাত সৰভোগৰ জামাদাৰবড়ীৰ জীয়ৰী আছিল বাছিৰণ নেছা নামৰ মহিলাগৰাকী ৷ উপযুক্ত সময়ত উপযুক্ত পাত্ৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বাছিৰণ নেছা ৷ পিছে বিবাহৰ পিছতহে লাগিল কেণা ৷ অভিযোগ মতে, দোমনীৰ লালচান্দ মিঞা নামৰ ব্যক্তিগৰাকীয়ে বিবাহৰ পিছৰে পৰা পত্নীক মাজে-সময়ে চলাই আহিছিল নিৰ্যাতন ৷
প্ৰাপ্ত তথ্য অনুসৰি, বিবাহৰ পিছত এবাৰ বাছিৰণে স্বামীয়ে চলোৱা নিৰ্যাতন সহিব নোৱাৰি বিহপান কৰি আত্মহত্যাৰ চেষ্টা চলাইছিল (woman attemt to suicide in Barpetaroad) ৷ তাৰপিছৰে পৰা কিন্তু স্বামী-স্ত্ৰীৰ মাজত কোনো ধৰণৰ কাজিয়া সংঘটিত নোহোৱা বুলি দাবী কৰে মহিলাগৰাকীৰ স্বামীয়ে ৷
পৰৱৰ্তী সময়ত, অৰ্থাৎ বুধবাৰে আকস্মিক মৃত্যুক সাৱটি লয় বাছিৰণ নেছা নামৰ মহিলাগৰাকীয়ে ৷ বুধবাৰে মহিলাগৰাকীৰ স্বামী পৰিয়ালৰ লোকে তেওঁক ভৰ্তি কৰাইছিল বৰপেটাৰোডৰ এখন চিকিৎসালয়ত ৷ চিকিৎসকে মহিলাগৰাকীক পৰীক্ষা কৰি আদবাটতে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ তাৰপিছতে মহিলাগৰাকীৰ মৃতদেহটো স্বামী পৰিয়ালৰ লোকে ঘৰলৈ উভতাই নিব বিচৰাত বাধা প্ৰদান কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷