বৰপেটা, ২৬ ডিচেম্বৰ : অসমৰ সত্ৰসমূহৰ ভূমি বেদখল(Land encroachment of Satra) সম্পৰ্কীয় বিষয় চোৱা-চিতাৰ বাবে বঙাইগাঁওত হোৱা কেবিনেটত গঠন কৰা হৈছিল তিনিজনীয়া এখন আয়োগ ৷ প্ৰদীপ হাজৰিকাক অধ্যক্ষ, বিধায়ক মৃনাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ গঠিত আয়োগক অসমৰ সত্ৰসমূহৰ ভূমি বেদখল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰি এবছৰৰ ভিতৰত দাখিল কৰিবলৈ কৈছিল চৰকাৰে (Inspection of Satra land encroachment) ৷ সেইমৰ্মে দেওবাৰে বৰপেটা সত্ৰত উপস্থিত হয় আয়োগৰ অধ্যক্ষ প্ৰদীপ হাজৰিকাৰ লগতে সদস্য মৃনাল শইকীয়া আৰু ৰূপক শৰ্মা ৷
সত্ৰনগৰীৰ বৰপেটা সত্ৰত সেৱা জনাই আয়োগখনে দেওবাৰৰ পৰা আৰম্ভ কৰিছে ৰাজ্যৰ সত্ৰসমূহৰ মাটি বেদখলৰ জৰীপৰ কাম (Survey of encroached land of Satras)৷ বৰপেটা সত্ৰত উপস্থিত হৈ আয়োগৰ দলটোৱে বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সৈতে মিলিত হৈ সত্ৰৰ মাটি বেদখল সম্পৰ্কে আলোচনা কৰে ৷ বিশেষকৈ বৰপেটা সত্ৰৰ বাঘবৰ, বৰনগৰ আৰু বৰপেটা ৰাজহ চক্ৰ এলেকাত মাটি বেদখল হৈ আছে বুলি সত্ৰ পৰিচালনা সমিতিয়ে আয়োগক অৱগত কৰে ৷