বৰপেটা, 28 মে': ৰাজ্যত অব্যাহত আছে মহামাৰী কৰ’ণাৰ সংহাৰী ৰূপ ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বৃদ্ধি কৰিছে এটাৰ পিছত আনটো লকডাউন ৷ এনে পৰিস্থিতিত লকডাউনৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিছে প্ৰশাসনে ৷ শুকুৰবাৰে বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ নিৰ্দেশমৰ্মে হাউলীত যোগান বিভাগৰ অভিযান ৷
জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হাউলীত যোগান বিভাগৰ অভিযান - howly
হাউলীত যোগান বিভাগৰ অভিযান ৷ কেইবাখনো দোকানৰ স্বত্বাধিকাৰীক সকিয়নী প্ৰদান যোগান বিভাগৰ ৷ হাউলী বজাৰত থকা বহু সংখ্যক দোকানত সামগ্ৰী সমূহৰ নাই নিৰ্ধাৰিত মূল্য তালিকা ৷
জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে হাউলীত যোগান বিভাগৰ অভিযান
অভিযানত কেইবাখনো দোকানৰ স্বত্বাধিকাৰীক সকিয়নী প্ৰদান যোগান বিভাগৰ । উল্লেখ্য যে, হাউলী বজাৰত থকা বহু সংখ্যক দোকানত সামগ্ৰী সমূহৰ নাই নিৰ্ধাৰিত মূল্য তথা মজুত তালিকা । কৰ’ণাসৃষ্ট পৰিৱেশৰ বাবে চৰকাৰে দিয়া বন্ধৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি গ্ৰাহকক শোধাইছে মাধমাৰ । যাৰ ফলত যোগান বিভাগৰ এটা দলে আহি এইদৰে অভিযান চলায় বজাৰখনত ।
লগতে পঢ়ক :যোৰহাট মেডিকেল কলেজত স্বাস্থ্যমন্ত্ৰীৰ আকস্মিক পৰিদৰ্শন