বৰপেটা, ৫ মাৰ্চ :বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীয়ে শুকুৰবাৰে নিশা ইহলীলা সম্বৰণ কৰে (Burha Satradhikar Jagannath Adhikari took his last Breath) ৷ সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীৰ নিশা প্ৰায় ১১ বজাত চিকিৎসাধীন অৱস্থাত গুৱাহাটীৰ লাচিত নগৰত মৃত্যু হয় ৷
মৃত্যুৰ সময়ত বুঢ়া সত্ৰাধিকাৰ বাপজনাৰ বয়স হৈছিল প্ৰায় ৭২ বছৰ ৷ সত্ৰাধিকাৰ বাপজনাৰ মৃত্যুত সত্ৰনগৰী বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷
সুন্দৰীদিয়া সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ বিয়োগ জগন্নাথ অধিকাৰীয়ে সুন্দৰীদিয়া সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ হিচাপে সেৱা আগবঢ়াৱোৰ পিচত ২০১৬ চনত বুঢ়া সত্ৰাধিকাৰৰ দায়িত্ব(Sundaridiya Satra Burha Satradhikar Jagannath Adhikari) অৰ্পণ কৰা হৈছিল ৷
দীৰ্ঘকাল সত্ৰীয়া সংস্কৃতিৰে জৰিত জগন্নাথ অধিকাৰী অসম জাতীয় মহাসভাৰ কাৰ্যকৰী সভাপতি, অসম সত্ৰ মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰৰ লগতে বহু আত্মীয়-স্বজনক এৰি থৈ যায় ৷
লগতে পঢ়ক :অসুস্থ এন এছ চি এনৰ মুৰব্বী থুইংগালেং মুইভা