বৰপেটা, 16 ফেব্ৰুৱাৰী:বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৰৌমাৰী পাথাৰ গাঁও পঞ্চায়তৰ অধীনত মঙলবাৰে প্ৰাক্তন মন্ত্ৰী তথা চেঙা সমষ্টিৰ বিধায়ক শুকুৰ আলী আহমেদে পাঁচটাকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে । পথ পকীকৰণ, মছজিদৰ ওজুখানা নিৰ্মাণ, সংঘৰ গৃহ নিৰ্মাণকে ধৰি পাঁচটা উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ।
বিধায়ক পুঁজিৰ ৫ লাখ টকা ব্যয় সাপেক্ষে 6 টা জনকল্যাণ যুৱ সংঘৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এখন বিশেষ সভাও অনুষ্ঠিত হয় । সংঘটোৰ সভাপতি মেহেৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত বিশেষ সভাখনত বিধায়ক শুকুৰ আলী আহমেদে তেখেতৰ কাৰ্যকালত চেঙা সমষ্টিত হোৱা উন্নয়নৰ খতিয়ান দাঙি ধৰে ।