অসম

assam

By

Published : Mar 19, 2021, 11:08 AM IST

Updated : Mar 19, 2021, 11:20 AM IST

ETV Bharat / state

চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত বৃহস্পতিবাৰে সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ ৷ বৰপেটা জিলাৰ পূব সীমান্তৰ গৰেমাৰীৰ পৰা চেঙা সমষ্টিলৈ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদক এক বৃহৎ ৰেলীৰে কৰ্মী-সমৰ্থকে আদৰি আনিছিল ৷ কিন্তু ৰেলীৰ মাজতে সৃষ্টি হয় হিংসাত্মক ঘটনাৰ ৷ বাইকত তেল ভৰোৱা কুপনক লৈ সমদলত ভাগ লোৱা একাংশ যুৱকে ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহন ৷ ক্ষুব্ধ একাংশ কৰ্মীৰ তাণ্ডৱত কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰাৰ্থী গৰাকীৰ ৷

চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে
চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

বৰপেটা,19মাৰ্চ: বৰপেটাৰ চেঙা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শুকুৰ আলী আহমেদৰ ৰেলীত বৃহস্পতিবাৰে সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ ৷ বৰপেটা জিলাৰ পূব সীমান্তৰ গৰেমাৰীৰ পৰা চেঙা সমষ্টিলৈ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদক এক বৃহৎ ৰেলীৰে কৰ্মী-সমৰ্থকে আদৰি আনিছিল ৷ কিন্তু ৰেলীৰ মাজতে সৃষ্টি হয় হিংসাত্মক ঘটনাৰ ৷ একাংশ দলীয় কৰ্মী সমৰ্থকে উত্তেজিত কৰি তোলে ৰেলীৰ পৰিৱেশ ৷ বাইকত তেল ভৰোৱা কুপনক লৈ সমদলত ভাগ লোৱা একাংশ যুৱকে ভাঙি লণ্ড ভণ্ড কৰে শুকুৰ আলী আহমেদৰ বাহন ৷ ক্ষুব্ধ একাংশ কৰ্মীৰ তাণ্ডৱত কোনোমতে প্ৰাণ ৰক্ষা পৰে প্ৰাৰ্থী গৰাকীৰ ৷

উপায়হীন হৈ ওচৰৰে এঘৰত আশ্ৰয় লৈ কোনো মতে প্ৰাণ ৰক্ষা কৰে শুকুৰ আলী আহমেদে ৷ ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শুকুৰ আলী আহমেদক উদ্ধাৰ কৰি বৰপেটালৈ লৈ যায় ৷ কিন্তু সম্প্ৰতি এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ চেঙা সমষ্টিতে চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে । ইফালে এই ঘটনাৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শুকুৰ আলী আহমেদৰ সহধৰ্মিণী খানম নাজিমা আহমেদে ৷

চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

পত্নী খানম নাজিমা আহমেদৰ মতে, এয়া এক পূৰ্ব পৰিকল্পিত ঘটনা ৷ ৰেলীৰ মাজত একাংশ বিৰোধী দলৰ সমৰ্থকে প্ৰৱেশ কৰি পৰিৱেশ উত্তেজিত কৰি তোলে ৷ শান্তিপূৰ্ণ ভাৱে চলি থকা ৰেলীটোত কোনো উত্তেজিত ঘটনা ঘটাৰ কাৰণেই নাই ৷ কংগ্ৰেছৰ বৃহৎ ৰেলী দেখি বিৰোধী দলে শংকিত হৈ একে সময়তে বহৰিত কংগ্ৰেছৰ মঞ্চতো অগ্নি সংযোগ কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰাৰ্থী গৰাকীৰ পত্নীয়ে ৷

চেঙাৰ হিংসাত্মক ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুকুৰ আলীৰ পত্নীয়ে

ইফালে, বৃহস্পতিবাৰে দলীয় সমৰ্থকে সৃষ্টি কৰা উত্তেজনাময় পৰিস্থিতিৰ বাবে মনোনয়ন দাখিল কৰাৰ পৰা বিৰত থাকিল প্ৰাৰ্থী গৰাকী ৷ কৰ্মীসকলৰ মাজত ভুল বুজাবুজি হোৱা বুলি মত প্ৰকাশ কৰি সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিয়ে শুকুৰ আলী আহমেদে ৷ ঘটনা সন্দৰ্ভত আইনৰ কাষ চাপিবনে নাই পৰৱৰ্তী সময়ত দলীয়া ভাৱে আলোচনা কৰাৰ পিছতহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক:বাইকত তেল নাই, সমৰ্থকে ভাঙিলে শুকুৰ আলী আহমেদৰ বাহন !

Last Updated : Mar 19, 2021, 11:20 AM IST

ABOUT THE AUTHOR

...view details