অসম

assam

ETV Bharat / state

এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে আত্মহত্যা ডি ভোটাৰৰ

প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও সোমবাৰে মৃত লোকজনক চিনাক্ত কৰি এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে এইয়া এক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰে পৰিয়ালৰ লোকে ৷

এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে আত্মহত্যা ডি ভোটাৰৰ

By

Published : Jul 9, 2019, 9:24 AM IST

বৰপেটা,9 জুলাই: এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবেই আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ ৷ দেওবাৰে বৰপেটাৰোড আৰু গুৱাগাছা ৰেলৱে ষ্টেচনৰ মাজত ৰেলপথত উদ্ধাৰ হৈছিল আমবাৰ আলী নামৰ লোকজনৰ ক্ষত বিক্ষত মৃতদেহ ৷ প্ৰথম অৱস্থাত দুৰ্ঘটনা বুলি সন্দেহ কৰা হৈছিল যদিও সোমবাৰে মৃত লোকজনক চিনাক্ত কৰি এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে এইয়া এক আত্মহত্যাৰ ঘটনা বুলি দাবী কৰে পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে,বাক্সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত কালপানী গাঁৱৰ আমবাৰ আলী দীৰ্ঘদিন ধৰি ডি ভোটাৰ হৈ আছিল ৷ ফলত এন আৰ চিত নাম অন্তৰ্ভুক্তি হোৱা নাছিল আমবাৰ আলীসহ দুই পুত্ৰ আৰু দুই কন্যাৰ ৷ 1951 চনৰ এন আৰ চিত থকাৰ উপৰিও 1965,1966 আৰু 1971 চনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট আছিল আত্মহত্যা কৰা আমবাৰ আলীৰ পিতৃ আলীমুদ্দিন মিয়াৰ নাম ৷ তৎসত্বেও সীমান্ত আৰক্ষীয়ে আমবাৰ আলীক ডি ভোটাৰ সজোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ প্ৰকৃত ভাৰতীয় নাগৰিক হৈয়ো ডি ভোটাৰৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ আমবাৰ আলীয়ে অৱশেষত আত্মহত্যাৰ দৰে কঠোৰ পথ বাচি লয় বুলি অভিযোগ পৰিয়ালৰ ৷ সীমান্ত আৰক্ষীৰ ভুলৰ বাবে আমবাৰ আলীয়ে আত্মহত্যাৰ পথ বাচি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে শালবাৰী জিলা এবিএমছুৱে ৷

এন আৰ চিত নাম অন্তৰ্ভুক্তি নোহোৱাৰ বাবে আত্মহত্যা ডি ভোটাৰৰ

ABOUT THE AUTHOR

...view details