অসম

assam

ETV Bharat / state

বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি - কেওঁটকুছি মজলীয়া বিদ্যালয়

চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিপৰীত ছবি দেখা গ’ল বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ত ৷ কেওঁটকুছি মজলীয়া বিদ্যালয়ত অভিভাৱকসকলে ভিৰ কৰা দেখা গৈছে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে ৷

Success story of a school in Barpeta
বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি

By

Published : Jan 1, 2020, 9:08 PM IST

বৰপেটা, ১ জানুৱাৰীঃ বৰ্তমান চৰকাৰী বিদ্যালয়ৰ স্বৰূপটো সকলোৰে জ্ঞাত ৷ ৰাজ্যৰ বেছিসংখ্যক চৰকাৰী বিদ্যালয়তে অভাৱ শিক্ষাৰ্থীৰ ৷ শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে বন্ধ হৈ গৈছে ৰাজ্যৰ বহু সংখ্যক বিদ্যালয় ৷ বৰ্তমান চৰকাৰী খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰ প্ৰতি আগ্ৰহী নহয় অধিকাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক ৷ কিন্তু এই সচৰাচৰ দেখিবলৈ পোৱা চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বিপৰীত ছবি দেখা গ’ল বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ত ৷

বৰপেটাৰ এখন চৰকাৰী বিদ্যালয়ে কঢ়িয়াইছে আশাৰ ৰেঙণি

বৰপেটাৰ কেওঁটকুছি গাঁৱত অৱস্থিত কেওঁটকুছি মজলীয়া বিদ্যালয়ত নতুন বছৰটোৰ পহিলা দিনটোতে কঢ়িয়াই আনিছে এক ভাললগা পৰিৱেশ ৷ কেওঁটকুছি মজলীয়া বিদ্যালয়ত অভিভাৱকসকলে ভিৰ কৰা দেখা গৈছে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবে ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে অভিভাৱকসকল আগ্ৰহী নিজৰ সন্তানক কেওঁটকুছি মজলীয়া বিদ্যালয়ত পঢ়ুৱাবলৈ ৷ কাৰণ চৰকাৰী খণ্ডৰ বিদ্যালয় হ’লেও ইয়াৰ শিক্ষা পদ্ধতি আৰু শিক্ষকসকলৰ কাম-কাজক লৈ যথেষ্ট সুখী অঞ্চলটোৰ লোকসকল ৷ বিদ্যালয়খনৰ শিক্ষকসকলে ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ সৈতে ফেৰ মাৰিবলৈ যত্ন কৰাৰ বাবেই শ-শ ছাত্ৰ ছাত্ৰীয়ে নৱবৰ্ষৰ পহিলা দিনটোত এনেদৰে ভিৰ কৰিছে বিদ্যালয়খনত ৷ যি সময়ত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কমিবলৈ ধৰিছে সেই সময়তে কেওঁটকুছি মজলীয়া বিদ্যালয়ে কঢ়িয়াই অনা এই বাৰ্তা নিশ্চয়কৈ ৰাজ্যৰ আন অংশৰ চৰকাৰী বিদ্যালয়ৰ বাবে হ’ব পাৰে এক প্ৰেৰণাৰ উৎস ৷

আৰু পঢ়কঃপৰ্যটকসকললৈ সুখবৰ ! বৰঝাৰ বিমানবন্দৰত মুকলি Tourist Information Counter

ABOUT THE AUTHOR

...view details