অসম

assam

ETV Bharat / state

সাপ-ভেকুলীৰ আশ্ৰয়স্থললৈ পৰ্যবসিত ৰুবিৰভিটা উপ স্বাস্থ্যকেন্দ্ৰ - health facility

বিগত ১০ বছৰে সম্পূৰ্ণ নহ'ল কলগাছিয়াৰ ৰুবিৰভিটা উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য । উপ স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদত মাটি পেলোৱাৰ বাবে ৫ লাখ ৪০ হাজাৰ ৩৫৪ টকা আৱণ্টন দিয়া হৈছিল । পঞ্চায়ত প্ৰতিনিধিয়ে উপ স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণৰ নামত আৱণ্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ ।

Sub health centre pathetic condition
ভূতবাংলোত পৰিণত কলগাছিয়াৰ ৰুবিৰভিটা উপ-স্বাস্থ্য কেন্দ্ৰ

By

Published : Aug 5, 2021, 9:25 PM IST

জনীয়া, ৫ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়াত উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । জনীয়া সমষ্টিৰ মন্দিয়া উন্নয়ন খণ্ড তথা কলগাছিয়া মহকুমা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সোণাপুৰ-ৰুভি পঞ্চায়তত এটা উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ১০ বছৰ পূৰ্বে । কিন্তু আজি পৰ্যন্ত উপ স্বাস্থ্য কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ নহ'ল । এতিয়াও গৃহটোত দুৱাৰ-খিৰিকী লগাবলৈ বাকী আছে ।

ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে চৌকাঠবোৰ পচিবলৈ আৰম্ভ কৰিছে । আনহাতে, উপ স্বাস্থ্য কেন্দ্ৰটোৰ চৌহদত মাটি পেলোৱাৰ বাবে ৫ লাখ ৪০ হাজাৰ ৩৫৪ টকা আৱণ্টন দিয়া হৈছিল । কিন্তু মাটি পেলোৱাৰ নামত ভেঁকো-ভাওনাহে কৰিলে ঠিকাদাৰে । এতিয়া পৰিত্যক্ত হৈ পৰি ৰৈছে কেন্দ্ৰটো ।

১০ বছৰে সম্পূৰ্ণ নহ'ল ৰুবিৰভিটা উপ স্বাস্থ্যকেন্দ্ৰৰ নিৰ্মাণ কাৰ্য

স্থানীয় লোকে স্বাস্থ্য সেৱা লাভ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰটোত এতিয়া সাপ, ভেকুলী আদিয়েহে আশ্ৰয় লৈছে । একাংশ মধ্যভোগী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে চৰকাৰী ধন আত্মসাৎ কৰাৰ আহিলা হিচাপে কেন্দ্ৰটো ব্যৱহাৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।

আঞ্চলিক সদস্য হাছান আলী আৰু মধ্যভোগী আব্দুল গফুৰে অলপ মাটি পেলাই ধনৰ বেছি অংশ আত্মসাৎ কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । সম্প্ৰতি উপ স্বাস্থ্য কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ কৰি তোলাৰ লগতে নিৰ্মাণ কাৰ্যৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে । আনহাতে, সাধাৰণ বেমাৰ হ'লেই বৰপেটা মেডিকেললৈ যাবলগীয়া হয় স্থানীয় লোকসকল । ঠিকাদাৰে কাম সম্পূৰ্ণ কৰিম বুলি কৈ আঁভুৱা ভাৰি থকা বুলি অভিযোগ তুলিছে ৰাইজে ।

লগতে পঢ়ক: ধোৱাচাঙত জাঁজীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ

ABOUT THE AUTHOR

...view details