জনিয়া, 1 আগষ্ট:উন্নয়নৰ শ্লগানেৰে দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰখনৰ উন্নয়নৰ আন এক ফোঁপোলা স্বৰূপ ৷ উন্নয়নৰ জয়গান গোৱা বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত বৰপেটা জিলাৰ কলগাছিয়াৰ পাঁচখনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী ৷ কিয়নো চৰকাৰে তথাকথিত উন্নয়নৰ ফুলজাৰি মাৰি থকাৰ সময়তে শুকুৰবাৰে একাংশ শিক্ষাৰ্থীয়ে উদঙালে উন্নয়নৰ প্ৰকৃত ছবিখন ৷ জনিয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া প্ৰফেছৰ কলনীৰ এটা পথে এতিয়া বাৰুকৈয়ে জলাকলা খুৱাইছে গঞা ৰাইজৰ লগতে শিক্ষাৰ্থীসকলক ৷
পথচোৱা মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাৰ ফলত ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীসকলে দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এই বোকাময় পথটোৰে অতি কষ্টেৰে অহা যোৱা কৰিবলগীয়া হৈছে গাঁওবাসীৰ লগতে পাঁচখনকৈ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে (Poor Road condition at Kalgachia) ৷ ফলত ক্ষোভিত হৈ দেওবাৰে অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ (Students protest over construction of road) ৷