অসম

assam

ETV Bharat / state

কলগাছিয়াত অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ - নৱজ্যোতি মহাবিদ্যালয়

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ ৷ টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন ছাত্ৰ-ছাত্ৰী সকলৰ ৷ দাবী দিয়াৰ পিচতো সমস্যা সমাধান নকৰাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদ ৷ সমস্যা সমাধান নকৰিলে প্ৰতিবাদ নিৰ্দিষ্টকালীন চলাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

By

Published : Sep 11, 2019, 3:41 PM IST

জনীয়া, 11 ছেপ্টেম্বৰঃবুধবাৰে কলগাছিয়াত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ তুলি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি মহাবিদ্যালয়খনত ছাত্ৰৰ বাবে জিৰণি কোঠা নথকাৰ লগতে নাই কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ইয়াৰোপৰি বিদ্যালয়খনত বিদ্যুৎ নাথাকিলে অধ্যক্ষ বা শিক্ষকৰ কোঠাত এচি বা ফেন চলে কিন্তু ডি জি থকাৰ পাচতো শ্ৰেণী কোঠাত এখনো ফেন নচলাৰ অভিযোগ ছাত্ৰ-ছাত্ৰী সকলৰ ৷ ইপিনে ছাত্ৰ-ছাত্ৰী সকলৰ পৰা মহাবিদ্যালয় খনত শৰীৰ চৰ্চাৰ নামত 50 টকাকৈ মাচুল সংগ্ৰহ কৰা হয় যদিও ব্যয়ামাগাৰ উন্নয়নৰ বাবে অধ্যক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰে বুলিও ছাত্ৰ-ছাত্ৰী সকলে অভিযোগ কৰে ৷ এই ক্ষেত্ৰত মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ একতা সভাৰ বিভাগীয় সম্পাদকৰ জৰিয়তে বহু আবেদন-নিবেদন কৰে বুলি ছাত্ৰ-ছাত্ৰী সকলে জানিবলৈ দিয়ে ৷ কিন্তু ইয়াৰ পাচতো মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে এই ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াত বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণীকোঠা বৰ্জন কৰি ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়খনৰ মূল গেটৰ সন্মুখত অধ্যক্ষৰ বিৰুদ্ধে ধৰ্ণা দিয়ে ৷ প্ৰতিবাদকাৰী সকলে 'ছাত্ৰ-ছাত্ৰীৰ ধন লুটি খোৱা নচলিব','ব্যায়ামাগাৰ অতি সোনকালে মেৰামতি কৰক','অধ্যক্ষ হায় হায়' আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ ইয়াতে ক্ষান্ত নাথাকি ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয় খনৰ সন্মুখত থকা ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে ৷ লগতে অধ্যক্ষ ডঃ ছাহজাহান আলী আহমেদে যদি এই সমস্যা সমূহ সমাধান নকৰে তেন্তে অনিৰ্দিষ্টকালীন এই আন্দোলন চলিব বুলিও প্ৰতিবাদকাৰী সকলে ভাবুকি প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details