অসম

assam

By

Published : Feb 7, 2020, 1:46 PM IST

ETV Bharat / state

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

বৰপেটা জিলাৰ ৰামপুৰস্থিত এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ জাকিৰ হুছেইন আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত হতাহতিয়ে লজ্জিত কৰি তুলিছে সচেতন মহলক ৷ ইয়াৰউপৰিও মধ্যাহ্ন ভোজনৰ ১ লাখ ৩০ হেজাৰ টকা আত্মসাতৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৷

Student protest against principal
অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

জনিয়া,7 ফেব্ৰুৱাৰীঃ অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে শ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকল ৷ বৰপেটা জিলাৰ ৰামপুৰস্থিত এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষ জাকিৰ হুছেইন আৰু পৰিচালনা সমিতিৰ সভাপতিৰ মাজত হতাহতিয়ে লজ্জিত কৰি তুলিছে সচেতন মহলক ৷ বিদ্যালয়ত অনিয়মিতভাৱে উপস্থিত থকা অধ্যক্ষ গৰাকীয়ে ২৬ জানুৱাৰীৰ পাছত শুকুৰবাৰে বিদ্যালয়ত উপস্থিত হয় ৷ ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ মাহেকত মাত্ৰ ১৩-১৪ দিনহে বিদ্যালয়ত উপস্থিত থাকে অধ্যক্ষ জাকিৰ হুছেইন ৷ আনহাতে, মধ্যাহ্ন ভোজনৰ ১ লাখ ৩০ হেজাৰ টকা আত্মসাতৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে ৷

অধ্যক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

উল্লেখ্য যে, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক-মানসিক বিকাশৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীৰ মাজত তিনিদিনীয়া খেল-ধেমালি অনুষ্ঠিত কৰিবলৈ চৰকাৰে ধনৰ যোগান ধৰিছিল ৷ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত চাউণ্ড বক্স কিনাৰ বাবে আবেদন কৰিছিল ৷ আৰু এই আবেদনত সন্মতি প্ৰদান কৰিছিল পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে ৷ উক্ত কথাতেই তেখেতৰ সৈতে প্ৰথমাৱস্থাত তৰ্কাতৰ্কি আৰু পৰৱৰ্তীসময়ত হতাহতিত লিপ্ত হয় মাদ্ৰাছাখনৰ অধ্যক্ষ ৷ ৰামপুৰৰ এন হক প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ অধ্যক্ষৰ এই নিন্দনীয় ঘটনাৰ পাছত শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক-কোকৰাঝাৰত শান্তি চুক্তি বিজয় উৎসৱত নৰেন্দ্ৰ মোডী

ABOUT THE AUTHOR

...view details