অসম

assam

By

Published : Apr 5, 2022, 9:50 AM IST

ETV Bharat / state

বঙাইগাঁৱত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

বঙাইগাঁৱৰ নাম্বাৰপাৰাত যুৱতীৰ আত্মহত্যা(Student from Bongaigaon commits suicide) ৷ কি কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া স্পষ্ট হৈ উঠা নাই ৷ ইয়াক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে চাঞ্চল্যই ৷

student-from-bongaigaon-commits-suicide
বঙাইগাঁৱত 21 বছৰীয়া যুৱতীৰ আত্মহত্যা

জনিয়া, 5 এপ্ৰিল:বঙাইগাঁৱৰ নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা ৷ যাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে বিৰাজ কৰিছে চাঞ্চল্যই ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নাম্বাৰপাৰা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা আব্দুল লতিফ নামৰ ব্যক্তিগৰাকীৰ 21 বছৰীয়া কন্যাই নিজ বাসগৃহতে সোমবাৰে চীপ লৈ আত্মহত্যা(Student from Bongaigaon commits suicide) কৰে ৷

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে যুৱতীগৰাকীক চীপ লোৱা অৱস্থাত প্ৰত্যক্ষ কৰি নমাই আনি কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত(Barpeta Civil Hospial) ভৰ্তি কৰোৱায় ৷ অৱশ্যে চিকিৎসকে যুৱতীগৰাকীক মৃত বুলি ঘোষণা কৰে ৷

বঙাইগাঁৱত যুৱতীৰ ৰহস্যজনক আত্মহত্যা

পৰৱৰ্তী সময়ত চিকিৎসালয়ত কলগাছিয়া আৰক্ষী(Kalgachia Police) উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(FAAMCH) লৈ প্ৰেৰণ কৰে ৷ যুৱতীগৰাকীয়ে সোমবাৰে পুৱা আনুমানিক 10 বজাত এই কাণ্ড সংঘটিত কৰে ৷ মৃত যুৱতীগৰাকী নৱজ্যোতি মহাবিদ্যালয়ত স্নাতক তৃতীয় ষান্মাসিকত অধ্যয়নৰত (Nabajyoti College student commits suicide) আছিল ৷

অৱশ্যে কি কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া স্পষ্ট হৈ উঠা নাই ৷ একাংশ লোকে প্ৰেমজনিত কাৰণত যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে জীৱনৰ চূড়ান্ত সিদ্ধান্ত বাছি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ অৱশ্যে এই সকলোবোৰ কথা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

লগতে চাওক:কিশোৰী খুলশালীয়েকক অন্তঃসত্বা কৰি ৰঙা ঘৰৰ আলহী হ’ল ভিনিহীয়েক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details