জনিয়া,5 ফেব্ৰুৱাৰীঃশ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ প্ৰধান শিক্ষকৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ ২০১৬ চনত বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰা আব্দুল বাতিন আহমেদে সংঘটিত কৰা দুৰ্নীতিৰ বাবে তেখেতক প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অৱনমিত কৰা হয় | কিন্তু 2019 বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰে ৷
শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী - Rampur High school protest news
২০১৬ চনত ৰামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰা আব্দুল বাতিন আহমেদে সংঘটিত কৰা দুৰ্নীতিৰ বাবে তেখেতক প্ৰধান শিক্ষকৰ দায়িত্বৰ পৰা অৱনমিত কৰা হয় | কিন্তু 2019 বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ স্থায়ী প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰে ৷
শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী
ছাত্ৰ-ছাত্ৰীৰ নামভৰ্ত্তিৰ নামত মাচুল সংগ্ৰহ, মধ্যাহ্ন ভোজন বন্ধ ৰখা, বাৰ্ষিক খেলৰ বাবে চৰকাৰে অনুদান প্ৰদান কৰাৰ পিছতো খেল নপতা, পাঠদান নকৰা আদি কেইবাটাও অভিযোগ উত্থাপন কৰে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে ৷ আনহাতে, প্ৰধান শিক্ষক আব্দুল বাতিন আহমেদে একাউন্টৰ খেলি মেলিৰ বাবে বাবে মধ্যাহ্ন ভোজন বন্ধ কৰি ৰখা হয় বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক-ভাৰতীয়সকলৰ বাবে ভূটানৰ নতুন পৰ্যটন নীতি