অসম

assam

ETV Bharat / state

NPS Employee Protest: বৰপেটাত দ্বিতীয় দিনাও এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

কলগাছিয়াৰ কে আই কে মেমৰিয়েল হাইস্কুল আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত দ্বিতীয় দিনাও এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি ৷ পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ৷

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 6:32 PM IST

Strike Demanding Retention of OPS In Barpeta
সৰ্বাত্মক কৰ্ম বিৰতি পালন

এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি

বৰপেটা, 23 আগষ্ট : কলগাছিয়াৰ কে আই কে মেমৰিয়েল হাইস্কুল আৰু বৰপেটা অসামৰিক চিকিৎসালয়ত দ্বিতীয় দিনাও এন পি এছ কৰ্মচাৰীৰ সৰ্বাত্মক কৰ্মবিৰতি ৷ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত হাতে হাতে বেনাৰ লৈ কৰ্মবিৰতি পালন কৰ্মচাৰীসকলৰ ৷ দাবী পূৰণ নহ’লে অনাগত দিনত আন্দোলনৰ হুংকাৰ কৰ্মচাৰীসকলৰ ৷

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ কৰ্মৰত কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি কাৰ্যকৰী কৰাৰ দাবীত দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰেও বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত চিকিৎসক, নাৰ্ছ কৰ্মচাৰী সকলে দিনজোৰা কাৰ্যসূচীৰে সৰ্বাত্মক কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াৰ কৰ্মচাৰীসকলে নতুন পেঞ্চন আঁচনিৰ অধীনস্থ চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰী সকলে এ‘ পি এছ নীতি বাতিল কৰক, পুৰণি পেঞ্চন আঁচনি প্ৰদান কৰাৰ দাবী জনায় ৷

সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে পুৱা 11 বজাত কলগাছিয়া কে আই কে মেমৰিয়াল হাইস্কুলত হাইস্কুলৰ কৰ্মচৰীসকলে বিদ্যালয় চৌহদত নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সংস্থাৰ আহ্বানত সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ৷

‘এক দেশ এক নীতি পুৰণি পেঞ্চন আমাৰ দাবী’ এই শ্ল’গানেৰে বিদ্যালয়খনৰ কৰ্মচাৰীসকলে তেওঁলোকৰ কেইবাটাও দাবীৰ ভিত্তিত বিদ্যালয় চৌহদত হাতে হাতে বেনাৰ, পোষ্টাৰ লৈ কৰ্মবিৰতি পালন কৰে ৷ তেওঁলোকৰ এই দাবী পূৰণ নহ’লে অনাগত দিনত আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :Assam Startup Fest 2023: তিনিদিনীয়া ষ্টাৰ্ট আপ মহোৎসৱ মুকলি মন্ত্ৰী বিমল বড়াৰ

ABOUT THE AUTHOR

...view details