বৰপেটা,20 নৱেম্বৰ : ৰাজহ বিতৰণ ব্যৱস্থাত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে বুধবাৰে আম আদমী পাৰ্টিয়ে বৰপেটা জিলাৰ গজিয়া-মেধিৰটাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ সম্মুখত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ দলটোৰ বৰপেটা জিলাৰ সক্ৰিয় নেতা ফাৰুক খান আৰু জিলা সমন্বয়ক বাশান মল্লিকৰ উদ্যোগত এই অৱস্থান ধৰ্মঘটত প্ৰায় শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷
প্ৰতিবাদকাৰী সকলে সমগ্ৰ অসমৰ লগতে বৰপেটা জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগত ব্যাপক দুৰ্নীতি হোৱা বুলি জানিবলৈ দিয়ে ৷ মৃত্যু হোৱা বহু কেইজন হিতাধিকাৰীৰ নামত ৰেচন উলিয়াই আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ এইবোৰ ভুৱা হিতাধিকাৰীৰ নাম কৰ্তন কৰি ৰেচন কাৰ্ডৰ পৰা বঞ্চিত লোকক প্ৰদান কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। সমান্তৰালকৈ বানপানীত বিধ্বস্ত হোৱা বাট-পথসমূহো শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনায়।