অসম

assam

By

Published : Feb 11, 2021, 3:59 PM IST

ETV Bharat / state

ষ্ট্ৰ’বেৰী খেতি হ’ব পাৰে স্বাৱলম্বনৰ পথ

সৰ্থেবাৰীৰ সমীপৰ কামাৰপাৰা গাঁৱৰ আদৰ্শৱান খেতিয়ক পতি-পত্নী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোঁহাঞি ডেকাই ষ্ট্ৰ’বেৰী খেতিৰে দেখুৱালে স্বাৱলম্বিতাৰ পথ ৷ কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ষ্ট্ৰ'বেৰী পুলিৰে বছৰি উপাৰ্জন কৰি আছে 3 লাখকৈ টকা ৷

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ পথ দেখুৱালে বৰপেটাৰ এহাল দম্পত্তিয়ে
ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ পথ দেখুৱালে বৰপেটাৰ এহাল দম্পত্তিয়ে

বৰপেটা,১১ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কামাৰগাঁৱৰ এটা দম্পতী সম্প্ৰতি নিৱনুৱাসকলৰ বাবে হৈ পৰিছে আদৰ্শ ৷ দম্পতীটো হৈছে সৰ্থেবাৰীৰ সমীপৰ কামাৰপাৰা গাঁৱৰ আদৰ্শৱান খেতিয়ক পতি-পত্নী পৰমেশ্বৰ ডেকা আৰু জয়া বৰগোঁহাঞি ডেকা ৷ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কামাৰগাঁৱৰ এই দম্পতীটোৱে ষ্ট্ৰ’বেৰী খেতিৰে জীৱন নিৰ্বাহৰ এক আদৰ্শ দাঙি ধৰিছে সমাজত ৷ দুই পতি-পত্নীয়ে দুবিঘা মাটিত ৰোপণ কৰিছে ৬ হাজাৰ ষ্ট্ৰ'বেৰীৰ পুলি ৷

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বীতাৰ পথ দেখুৱালে বৰপেটাৰ এহাল দম্পত্তিয়ে

কৃষি বিভাগে বিনামূলীয়াকৈ যোগান ধৰা ষ্ট্ৰ'বেৰী পুলিৰে দম্পতীটোৱে আৰম্ভ কৰিছে এই খেতি ৷ বৰ্তমান পকিবলৈ ধৰা ষ্ট্ৰ'বেৰীবোৰ বৰপেটা, হাউলী, সৰ্থেবাৰী, বৰপেটা ৰোড, পাঠশালা, নলবাৰী, চামতা, টিহু আদি অঞ্চলত প্ৰতি কিলোত ৩০০ টকাকৈ বিক্ৰী কৰি আছে এই দম্পতীটোৱে ৷ এই ষ্ট্ৰ'বেৰী বিক্ৰী কৰি বছৰি তেওঁলোকে উপাৰ্জন কৰি আছে ৩ লাখকৈ টকা ৷ দম্পতীটোৱে জনোৱা অনুসৰি, পূৰ্বপুৰুষৰ পৰা পৰম্পৰাগতভাৱে চলি অহা খেতিৰ পৰিৱৰ্তে বজাৰত চাহিদা থকা আৰু অধিক উপাৰ্জন কৰিব পৰা খেতি কৰাৰ প্ৰতি আগ্ৰহী আছিল এই দম্পতীটো ৷ আনহাতে নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ওপৰতো গুৰুত্ব দি আহিছে এই আদৰ্শ কৃষক দম্পতীয়ে ৷ তেওঁলোকৰ আশা নৱ প্ৰজন্মই স্বাৱলম্বিতাৰ আদৰ্শৰে জাতিটোৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলাৰ ক্ষেত্ৰত ল’ব লাগিব অগ্ৰণী ভূমিকা ৷

অন্য এক খবৰৰ বাবে:অখিল গগৈৰ জামিন আবেদন নাকচ

ABOUT THE AUTHOR

...view details