জনিয়া, 18 মে’:এফালে ধাৰাসাৰ বৰষুণ আনফালে প্ৰবল ধুমুহা ৷ মঙলবাৰে নিশা অহা এজাক প্ৰচণ্ড ধুমুহা বৰষুণে ৰাজ্যৰ অধিকাংশ অঞ্চলৰ লগতে জোকাৰি গ’ল বৰপেটা জিলাক ৷ ধুমুহাৰ কবলত একাংশ লোকৰ ঘৰবাৰীৰ লগতে খেতিপথাৰসমূহ ক্ষয়গ্ৰস্ত হয় ৷ বিশেষকৈ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত ধুমুহাই তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে (Caused extensive damages to the house, crops and other properties) ৷
ধুমুহা ইমানে ভয়াৱহ আছিল যে অঞ্চলটোৰ ভালেকেইটা বাসগৃহৰ উৰুৱাই লৈ যায় টিনপাত, বেৰ-চাল (Storm causes extensive damage at Kalgachia) ৷ ফলত আতংকিত হৈ পৰে গাঁওবাসী । ইফালে বিগত কেইদিনমান ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলতো অঞ্চলটোৰ ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হয় ।