বৰপেটাৰোড, 24 ছেপ্টেম্বৰ :ৰাজ্যজুৰি সঘনাই বৃদ্ধি হৈছে চুৰিকাণ্ডৰ ঘটনা ৷ ইফালে বৰপেটা জিলাৰ ভিন্ন প্ৰান্তত চুৰিকাণ্ডৰ ঘটনাই ৰাইজৰ টোপনি হৰিছে ৷ আৰক্ষীৰ সন্মুখতে প্ৰতিদিনে জিলাখনৰ ভিন্ন প্ৰান্তত চোৰৰ টিঘিলঘিলনি চলিছে ৷
এইবাৰ বৰপেটাৰোডৰ পৰা আল্ট্ৰাটেক চিমেণ্ট ভৰ্তি ট্ৰাক সহ চুৰি হোৱা এখন ট্ৰাক বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে চুৰি হোৱা চিমেণ্ট ভৰ্তি ট্ৰাকখনৰ চালক খতাজুল হকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷
জানিব পৰামতে, বিগত 16 ছেপ্টেম্বৰত বৰপেটাৰোডৰ পৰা 500 বেগ আল্ট্ৰাটেক চিমেণ্ট AS 17C 6147 নম্বৰৰ ট্ৰাকেৰে বৰপেটাৰোডৰ পৰা গ্ৰাহকক যোগান ধৰাৰ বাবে ধুবুৰীলৈ প্ৰেৰণ কৰিছিল ৷ বৰপেটাৰোডত স্থিত আল্ট্ৰাটেক চিমেণ্টৰ ডীলাৰে ধুবুৰীলৈ প্ৰেৰণ কৰা চিমেণ্ট ভৰ্তি ট্ৰাকখন সেইদিনাৰ পৰাই নিখোঁজ হৈ পৰে ৷ পিচত চিমেণ্টৰ ডীলাৰ কৰ্তৃপক্ষই বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও ট্ৰাকখনৰ কোনো সন্ধান নাপায় ।