জনীয়া,11 মাৰ্চ:বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওঁপুৰত আনোৱাৰ হুছেইন নামৰ এজন ব্যক্তিৰ পুখুৰীত পুনৰ নির্মাণৰত মডেল স্কুলৰ চুৰি হোৱা ৰড, ৰিং আৰু বল্টু উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ বুধবাৰে সন্ধিয়া আনোৱাৰ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ পুখুৰীত ৰড, ৰিং আৰু বল্টু নমাই থকাৰ সময়তে জয়নাল আবদিন ওৰফে খম্বু নামৰ লোকজনক আটক কৰে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি, ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত AS 19 F 2559 নম্বৰৰ এখন চাৰিচকীয়া বাহন জব্দ কৰা হয় যদিও গাড়ীৰ চালক শ্বহিদুল ইছলাম ওৰফে দুলুৱে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পুখুৰীটোৰ পৰা কেইবা টন ৰড, ৰিং আৰু বল্টু উদ্ধাৰ কৰাৰ বিপৰীতে ব্যক্তিজনক বাহনখনৰ সৈতে আৰক্ষীয়ে থানালৈ লৈ যায় ৷