অসম

assam

ETV Bharat / state

Stolen batteries recovered: কলগাছিয়াত উদ্ধাৰ ১৪৮ টা চুৰি বেটাৰী

শনিবাৰে কলগাছিয়াৰ দুটাকৈ পৃথক স্থানত উদ্ধাৰ হৈছে ১৪৮ টা চুৰি বেটাৰী (Stolen batteries recovered) । বামুনটাৰী হাইস্কুল ফিল্ডত ৭৪ টা আৰু শওপুৰ চৰত ৭৪ টা বেটাৰী উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰে মুখামুখী হোৱাৰ ভয়ত ডকাইতৰ দলে খেলপথাৰ আৰু নদীৰ চৰত পেলাই থৈ যায় চুৰি বেটাৰীখিনি ।

Stolen batteries recovered in Kalgachia
কলগাছিয়াত উদ্ধাৰ ১৪৮ টা চুৰি বেটাৰী

By

Published : Dec 10, 2022, 1:46 PM IST

জনীয়া, 10 ডিচেম্বৰ: কলগাছিয়াত নিতৌ বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Kalgachia) ৷ ড্ৰাগছ, গাঞ্জাকে ধৰি বিভিন্ন নিচাজাতীয় সামগ্ৰীৰ এখন গোপন বজাৰ হৈ পৰাৰ সমান্তৰালকৈ বৃহত্তৰ কলগাছিয়া অঞ্চলত বৃদ্ধি পাইছে চুৰি ডকাইতিকে ধৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ আৰক্ষীৰ চকুত ধুলি দি অঞ্চলটোত এচাম অপৰাধীয়ে নিতো সংঘটিত কৰিছে নানানটা অপৰাধজনিত ঘটনা ৷

শেহতীয়াকৈ বৰপেটা জিলাৰ বৃহত্তৰ কলগাছিয়া অঞ্চলত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাই এতিয়া নিদ্ৰা হৰণ কৰিছে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ ৷ বিশেষকৈ বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ ৷ বিগত কেইটামাহত সংঘটিত হৈছে বহুকেইটা চুৰিকাণ্ড ৷ ফলত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ ৷

শনিবাৰে পুৱাৰ ভাগত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰী আৰু শওপুৰ চৰত পৃথকে পৃথকে উদ্ধাৰ হৈছে ১৪৮ টা চুৰি হোৱা বেটাৰী (Stolen batteries recovered)। অঞ্চলটোৰ হাইস্কুল খেলপথাৰত ৭৪ টা আৰু শওপুৰ চৰত ৭৪ টা বেটাৰী উদ্ধাৰ হয় ৷ উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত কিচমত দাৰিকা ৰাষ্ট্ৰীয় ঘাইপথত এটা ডকাইতৰ দলে হাইজেক কৰিছিল এখন বেটাৰী ভৰ্তি ট্ৰাক ৷ ট্ৰাকখনত আছিল ৪৮৫ টা বেটাৰী ৷

কলগাছিয়াত উদ্ধাৰ ১৪৮ টা চুৰি বেটাৰী

কলকাতাৰ পৰা গুৱাহাটী অভিমূখে গৈ আছিল WB 19 K 1995 নম্বৰৰ ট্ৰাকখন ৷ ট্ৰাকখন গৈ থকা অৱস্থাত বিজনী পাৰহৈ কিচমত দাৰিকা পোৱাৰ লগে লগেই ৭/৮ জনীয়া ডকাইতৰ দলে বাহনখন আগুচি ধৰি বেটাৰীসমূহ চুৰি কৰি লৈ গৈছিল । এই ঘটনাৰ পিছতেই ডকাইতৰ সন্ধানত নামি পৰিছিল কলগাছিয়া আৰক্ষীৰ এটা দল ৷ কিন্তু আৰক্ষীৰ অভিযানৰ উমান পাই ধৰা পৰাৰ ভয়ত আজি পৃথকে পৃথকে বামুনটাৰী হাইস্কুল খেলপথাৰত আৰু শওপুৰ চৰত চোৰে পেলাই থৈ যায় মুঠ ১৪৮ বেটাৰী ৷

একেদিনাই এনেদৰে দুটা স্থানৰ পৰা চুৰি হোৱা বেটাৰী উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি বিষয়টো চৰ্চিত হৈছে । উল্লেখযোগ্য যে, কেইদিনমান পূৰ্বে কলগাছিয়াৰ পৰা ১৬২ টা আৰু ধৰ্মপুৰ গাঁৱৰ আছৰুদ্দিনৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল ৮২ টাকৈ বেটাৰী । ইতিমধ্যে আৰক্ষীয়ে ২২ জনক গ্ৰেপ্তাৰ কৰিছে যদিও অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিলে আৰক্ষীয়ে ।

লগতে পঢ়ক:Bike thief caught in Guwahati: মহানগৰীত বাইকসহ গ্ৰেপ্তাৰ দুই গভাইত চোৰ

ABOUT THE AUTHOR

...view details