বৰপেটাৰোড, 6 জুলাই : ড৹ শ্যামা প্ৰসাদ মুখাৰ্জী যেতিয়া কলিকতা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য আছিল তেতিয়া কলিকতা বিশ্ব বিদ্যালয়ত প্ৰথম তেৱেঁই অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল ৷ লগতে কলিকতা বিশ্ব বিদ্যালয়ত অসমীয়া ভাষাক বিষয় হিচাপে প্ৰতিষ্ঠা কৰি ড৹ বিৰিঞ্চি কুমাৰ বৰুৱাক কলিকতা বিশ্ব বিদ্যালয়ত ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথম গৰাকী অসমীয়া অধ্যাপক হিচাপে নিযুক্তি দিছিল ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে বৰপেটাৰোডত ৰাষ্ট্ৰীয়তাবাদী নেতা আৰু ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ এক প্ৰতিমূৰ্তি উন্মোচন কৰি এইদৰে কয় ৷ ড৹ মুখাৰ্জীৰ জন্মদিন উপলক্ষে ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটাৰোড নগৰ মণ্ডলৰ উদ্যোগত এক সভাৰ আয়োজন কৰা হৈছিল ৷ বৰপেটাৰোড ৰেলৱে’ ষ্টেচনৰ সমীপত নিৰ্মাণ কৰি উলিওৱা এই প্ৰতিমূৰ্তিতো মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে ৷
ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, আজিৰ দিনটো অত্যন্ত স্মৰণীয় আৰু পৱিত্ৰ দিন ৷ এই দিনটোতেই ভাৰতবৰ্ষৰ ঐক্য সংহতি আৰু অখণ্ডতাৰ বাবে বলিদান দিয়া জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম হৈছিল ৷ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰে ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য যে, ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে জন্ম গ্ৰহণ কৰিছিল ১৯০১ চনৰ ৬ জুলাই তাৰিখে ৷ অৰ্থাৎ আজি দিনটোতে জন্ম হৈছিল ড৹ শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৷