নিউজ ডেস্ক, ২২ আগষ্ট:নতুন পেঞ্চন আঁচনি(Protest against National Pension System) বাতিল কৰি পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত সোমবাৰে সমগ্ৰ ৰাজ্যজুৰি এনপিএছ কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যৰ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, স্বাস্থ্যখণ্ডৰ লগত জড়িত এনপিএছ কৰ্মচাৰীসকলে নিজ নিজ কাৰ্যালয়ৰ সন্মুখত এই দাবীত প্ৰতিবাদ সাব্যস্ত কৰে(Govt employees protests against National Pension Scheme) ৷
বৰপেটাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ একেদৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ(Rangia sub divisional civil hospital employees protest) এনপিএছৰ কৰ্মচাৰীসকলে চিকিৎসালয়খনৰ চৌহদতে ক’লা বেজ পৰিধান কৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তেওঁলোকে চৰকাৰ বিৰোধী শ্ল’গানেৰে চিকিৎসালয়ৰ চৌহদ উত্তাল কৰি তোলে ৷
ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি বাতিলৰ দাবীত ৰাজ্যজুৰি চৰকাৰী এনপিএছ কৰ্মচাৰীৰ প্ৰতিবাদ আনহাতে, হোজাই জিলাৰ লংকা মহাবিদ্যালয়ৰ শিক্ষক সমাজে নতুন পেঞ্চন নীতিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবীত কৰ্মবিৰতি পালন কৰে । সদৌ অসম চৰকাৰী NPC কৰ্মচাৰী সংস্থাই সোমবাৰে আহ্বান জনোৱা কৰ্মবিৰতিৰ প্ৰতি সন্মতি প্ৰদান কৰি অসম কলেজ শিক্ষক সন্থাই আজি সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে । তাৰেই অংশ হিচাপে লংকা মহাবিদ্যালয়ৰ শিক্ষক সমাজে কৰ্মবিৰতি পালন কৰি কলেজৰ সন্মুখত বহি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷
ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা চমুকৈ এনপিএছ ব্যৱস্থাই চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰী জীৱনলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলি ৰাজ্যৰ কৰ্মচাৰী সমাজে শংকা প্ৰকাশ কৰি আহিছে ৷ এনপিএছ ব্যৱস্থাটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অভিশাপ স্বৰূপ ৷ এই ব্যৱস্থাটোৱে ইতিমধ্যে কৰ্মচাৰীসকলৰ অৱসৰী জীৱনলৈ চৰম হতাশা নমাই আনিছে ৷ যাৰবাবে তেওঁলোকে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবী জনাই আজি ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷
লগতে পঢ়ক :বাক্সাত পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত কৰ্মচাৰী পৰিষদৰ ধৰ্ণা