বৰপেটা, 19 জুলাই : চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত বৰপেটাৰ এগৰাকী এথলেট (Athlete)ৰ কৰুণ গাঁথা ৷ পঞ্চম শ্ৰেণীত পঢ়ি থকাৰ পৰাই দৌৰবিদ হিচাপে এসময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা মহিলা খেলুৱৈগৰাকীয়ে জীৱন অতিবাহিত কৰিছে দুৰ্দশাৰ মাজেৰে ৷ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলীট বৰপেটা জিলাৰ বামুণগাঁৱৰ নিবাসী নিজৰা দাস (Najara Das)য়ে তাঁতশালত কাপোৰ বৈ পোহপাল দিবলগীয়া হৈছে পৰিয়ালটো ৷ বৰ্তমানেও চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে খেলুৱৈগৰাকী ৷
এগৰাকী এথলীট হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নিজৰাই ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত অনুষ্ঠিত আন্তঃজিলা চেম্পিয়নশ্বিপ (Inter-District Championship)ত জিলাখনৰ হৈ প্ৰথম স্থান অধিকাৰ কৰিছিল ৷ শ্বিলঙত অনুষ্ঠিত নৰ্থ-ইষ্ট চেম্পিয়নশ্বিপ (North-East Championship)ত অসমৰ হৈ অংশ লোৱাৰ লগতে পৰৱৰ্তী সময়ত ভাৰতৰ বহুকেইখন ঠাইত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈগৰাকীয়ে ৷ সৰুৰে পৰা খেলৰ ক্ষেত্ৰখনত পিতৃৰ পৰা সাহস আৰু অনুপ্ৰেৰণা লাভ কৰা নিজৰা দাস এসময়ত উজ্বলি উঠিছিল ৰাজ্যৰ ক্ৰীড়াজগতত ৷