জনীয়া, 31 আগষ্ট :ৰাজ্যত এতিয়াও ক’ভিড মহামাৰীত প্ৰতিদিনে শতাধিক লোক আক্ৰন্ত হৈ আছে ৷ ৰাজ্য চৰকাৰে ইখনৰ পাচত সিখন SOP ঘোষণা কৰি আছে ক’ভিডৰ নীতি নিয়ম শিথিল কৰিবলৈ ৷ ৰাজ্য চৰকাৰে বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ বাবে নতুন SOP ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় সমূহ পৰিস্কাৰ পৰিচ্ছন্নতা কৰাত লাগিছে একাংশ বিদ্যালয়ৰ কৰ্তৃপক্ষ ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে কলগাছিয়াৰ একাংশ বিদ্যালয়তো চলিছে ছাফাই অভিযান । দক্ষিণ ৰূপসী হাইস্কুল, কলগাছিয়াৰ কে কে পাঠক হাইস্কুল, কে আই কে মেম’ৰিয়াল হাইস্কুল আদি বিদ্যালয় সমূহত মঙলবাৰে ৰাতি পুৱাৰে পৰা শিক্ষক-শিক্ষয়েত্ৰী সকলে ছাফাই অভিযান অব্যাহত ৰাখিছে ৷ লগতে চেনিটাইজাৰ কৰি পাঠদানৰ কাৰণে সাজু কৰি তুলিছে বিদ্যালয় সমূহ ।
লগতে পঢ়কঃ বানাক্ৰান্ত কৃষকক চৰকাৰে প্ৰদান কৰিব ক্ষতি পূৰণ : অতুল বৰা