বৰপেটাৰোড, 26 মে':3দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোডত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ ৷ চহৰখনৰ উত্তৰ বৰপেটাৰোডৰ বাটপথ নিৰ্মাণ কৰাৰ সময়ত উপযুক্ত নলা নিদিয়াৰ ফলত মানুহৰ বাসগৃহ দুৰ্গন্ধময় গেলা পানীৰে ভৰি পৰিছে ৷ চহৰখনৰ 2 নং ৱাৰ্ডৰ লগতে পাইকাৰী শাক-পাচলি বজাৰ, গোৱৰ্ধনা উন্নয়ন খণ্ডৰ কাৰ্যালয়, বৰপেটাৰোড এম ই মাদ্ৰাছা বড়ো হাইস্কুল আৰু ৮২৭ নম্বৰ মণ্ডল সমল কেন্দ্ৰ প্ৰাথমিক বিদ্যালয় এতিয়া কৃত্ৰিম বানপানীৰ কবলত ৷বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগ বিগত বহু বছৰ ধৰি বৰপেটাৰোড চহৰত এজাক বৰষুণতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে ৷ একাংশ ঠিকাদাৰৰ মইমতালিত বাটপথত নলা নিৰ্মাণ নকৰাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷অতি শীঘ্ৰে বাটপথৰ নলা সমূহ নিৰ্মাণ কৰিবলৈ ঠিকাদাৰ আৰু বৰপেটাৰোড পৌৰসভাৰ কাৰ্যবাহী বিষয়াক দাবী জনায় বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাই ৷ অন্যথা গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে৷
কৃত্ৰিম বানৰ কবলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোড - বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাস
চহৰখনৰ 2 নং ৱাৰ্ডৰ লগতে পাইকাৰী শাক-পাচলি বজাৰ, গোৱৰ্ধনা উন্নয়ন খণ্ডৰ কাৰ্যালয়, বৰপেটাৰোড এম ই মাদ্ৰাছা বড়ো হাইস্কুল আৰু ৮২৭ নম্বৰ মণ্ডল সমল কেন্দ্ৰ প্ৰাথমিক বিদ্যালয় এতিয়া কৃত্ৰিম বানপানীৰ কবলত ৷বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ অভিযোগ বিগত বহু বছৰ ধৰি বৰপেটাৰোড চহৰত এজাক বৰষুণতেই কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ আহিছে ৷ একাংশ ঠিকাদাৰৰ মইমতালিত বাটপথত নলা নিৰ্মাণ নকৰাৰ ফলত এই কৃত্ৰিম বানৰ সৃষ্টি হৈছে ৷

কৃত্ৰিম বানৰ কবলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোড
কৃত্ৰিম বানৰ কবলত ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ গৃহ চহৰ বৰপেটাৰোড