বৰপেটাৰোড, 18 অক্টোবৰ : বৰপেটাৰোডৰ চিকিৎসালয়ত শনিবাৰে অস্ত্ৰোপচাৰৰ ফলত তিনিগৰাকীকৈ প্ৰসূতিৰ মৃত্যু হোৱাৰ পাচত দেওবাৰে চিকিৎসালয়খনত উপস্থিত হয় ৰাজ্যিক বিজেপি সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ কুমাৰ দাস ৷
এই মৰ্মান্তিক ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, "এই কৰুণ ঘটনাই স্বাস্থ্য বিভাগত কালিমা সানিছে ৷ আৰক্ষীয়ে ভাল কাম কৰাৰ মাজতে যিদৰে দুই এটা বেয়া কাম কৰে ঠিক তেনেদৰে বৰপেটাৰোডৰ চিকিৎসালয়তো তেনে এটা বেয়া কাম হৈছে ৷"
তেওঁ বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সৈতে চিকিৎসালয়খনত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লৈ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ৷ লগতে NRHMৰ সঞ্চালকৰ জৰিয়তে ঘটনাৰ তদন্ত সন্দৰ্ভত এসপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিবলৈ জিলা উপায়ুক্তক সময়সীমা বান্ধি দিয়ে ৷ প্ৰসূতি তিনিগৰাকীৰ অস্ত্ৰোপচাৰৰ দায়িত্বত আছিল ডাঃ পৰেশ কলিতা,ডাঃ অৰূপ কলিতা,ডাঃ মনোজ চৌধুৰী আৰু চিকিৎসালয়খনৰ উপ অধীক্ষক ডাঃ সঞ্জীৱ সৰকাৰ ৷