জনীয়া,21 এপ্ৰিলঃযি সময়ত চৰকাৰে স্বচ্ছতাৰ নামত কোটি কোটি ব্যয় কৰি আহিছে, ঠিক তেনে সময়ত বৰপেটা জিলাৰ জনীয়া বজাৰৰ অপৰিস্কাৰ-কদৰ্য পৰিৱেশে উদঙাই দিছে চৰকাৰৰ স্বচ্ছতা অভিযানৰ ফোঁপোলা স্বৰূপ । জনীয়াৰ দৈনিক তথা সাপ্তাহিক বজাৰৰ পৰা চৰকাৰে প্ৰতি বছৰে হেজাৰ হেজাৰ টকা ৰাজহ সংগ্ৰহ কৰি আহিছে ৷ কিন্তু বজাৰখনৰ উন্নয়নৰ ক্ষেত্ৰত পালন কৰিছে চকু মুদা কুলিৰ ভূমিকা । এনে পৰিস্থিতিত চৰকাৰৰ স্বচ্ছ ভাৰত অভিযান ধোঁৱাচাঙত পৰিণত হোৱা বুলি অভিহিত কৰিছে সচেতন মহলে ৷
জনীয়াৰ দৈনিক তথা সাপ্তাহিক বজাৰৰ কদৰ্যময় পৰিৱেশে দোকানী তথা গ্ৰাহকক কেনে দুৰ্ভোগ ভোগাই আহিছে, সেয়া একমাত্ৰ ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে । যি সময়ত ক'ৰণা ভাইৰাছে মহামাৰীৰ ৰূপ ধাৰণ কৰি সমগ্ৰ বিশ্ববাসীৰ নিদ্ৰাহৰণ কৰিছে, ঠিক তেনে সময়তে জনীয়াৰ এখন ব্যস্ততাপূৰ্ণ বজাৰৰ কদৰ্যময় পৰিৱেশে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি চৰম ভাবুকিহে কঢ়িয়াই আনিছে । এইক্ষেত্ৰত স্থানীয় বিধায়ক, পঞ্চায়ত প্ৰতিনিধি তথা সংশ্লিষ্ট বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বিষয়টোক দুৰ্ভাগ্যজনক আখ্যা দিছে সকলোৱে ৷