বৰপেটা,18 ডিচেম্বৰ : ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসৰ সমষ্টি সৰভোগত বুধবাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰনগৰ আঞ্চলিক সমিতি আৰু বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰতিবাদী সমদল ৷ অসমত বাংলাদেশীৰ কোনো মাটি নাই ৰণজিৎ দাসৰ ভেটি নাই, হয় নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,নহলে আমাক গ্ৰেপ্তাৰ কৰক,জাতি মাটি উচন হ’ল,বাংলাদেশী আপোন হ’ল,মুখ্যমন্ত্ৰী সোণোৱালৰ জাতি নাই,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাতি নাই আদি বিভিন্ন শ্ল’গান দি সৰভোগৰ গান্ধী হলৰ পৰা বৰনগৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ দবা কাঁহ বৰতাল বজাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
সৰভোগত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰতিবাদী সমদল - Srimanta sankardev sangha protest at sorbhog against C(A)A
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ বৰনগৰ আঞ্চলিক সমিতি আৰু বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সৰভোগত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিশাল প্ৰতিবাদী সমদল ৷ জাতিধ্বংসী আইনখন অসমত ৰূপায়ণ নকৰি অসমৰ পৰা এই আইন বাতিলৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে শ্ৰীমন্তশঙ্কৰদেৱ সংঘ বৰনগৰ আঞ্চলিক সমিতিয়ে ৷
![সৰভোগত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰতিবাদী সমদল Srimanta sankardev sangha protest at sorbhog against C(A)A](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5412994-thumbnail-3x2-jgoidfo.jpg)
শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ প্ৰতিবাদী সমদল
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰতিবাদী সমদল
জাতিধ্বংসী আইনখন অসমত ৰূপায়ণ নকৰি অসমৰ পৰা জাতিদ্ৰোহী আইন বাতিলৰ দাবীত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ৷ প্ৰতিবাদস্থলীৰ পৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘ বৰনগৰ আঞ্চলিক সমিতিয়ে চৰকাৰক সকিয়াই দি কয় জাতিধ্বংসী বিভাজনকামী আইন কোনো কাৰণতে শ্ৰীমন্ত শংকৰদেৱ সংঘই মানি নলয় ৷ প্ৰতিবাদত সৰভোগৰ কৰ্মচাৰী পৰিষদ কলেজ শিক্ষক সন্থাকে ধৰি বিভিন্ন দল সংগঠনে যোগদান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷
আৰু পঢ়ক : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ