বিধায়ক শ্বেৰমান আলীক হেলিকপ্টাৰেৰে যাতায়াত কৰিবলৈ পৰামৰ্শ ৰাইজৰ বৰপেটা, 29 নৱেম্বৰ : সাধাৰণতে পথত গতি ৰোধক বা স্পীড ব্ৰেকাৰ দিয়া হয় যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ৷ যাতে দুৰ্ঘটনা হ্ৰাস পায় ৷ কিন্তু পথত স্পীড ব্ৰেকাৰ থকাটো প্ৰয়োজনীয় বুলি অনুভৱ নকৰে অসমৰে এজন বিধায়কে ৷ আৰামদায়ক যাত্ৰা লাগে বিধায়কজনক ৷ যাৰ বাবে বৰপেটা-বাঘবৰ সংযোগী পথত থকা স্পীড ব্ৰেকাৰসমূহ ভাঙি দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিলে বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে ৷
বিধায়কৰ নিৰ্দেশ মৰ্মে লোক নিৰ্মাণ বিভাগৰ লোকে মঙলবাৰে বৰপেটা-বাঘবৰ সংযোগী পথৰ জেইল ৰোড অঞ্চল থকা স্পীড ব্ৰেকাৰসমূহ ভাগি পেলায় ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ নলগা জেঙত লাগি প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি অহা বিধায়ক আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে কয় যে, অঞ্চলটোত এখন প্ৰাথমিক বিদ্যালয় আৰু বি এড কলেজ আছে ৷
আনহাতে, বহুসময়ত উক্ত পথচোৱাত পথ পাৰাপাৰ হওঁতে ছাত্ৰ-ছাত্ৰীক খুন্দা মাৰে তীব্ৰবেগী বাহনে ৷ সেয়ে স্থানীয় ৰাইজৰ দাবীত উক্ত অঞ্চলোটত স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰিছিল লোক নিৰ্মাণ বিভাগে ৷ ফলত দুৰ্ঘটনা হ্ৰাস পাইছিল, ছাত্ৰ-ছাত্ৰীসকলেও সহজে পথ পাৰ কৰিব পাৰিছিল বুলি উল্লেখ কৰে ৰাইজে ৷
স্থানীয় ৰাইজে কয়, ‘‘যাতায়ত আৰামদায়ক নোহোৱাৰ দোহাই দি লোক নিৰ্মাণ বিভাগক দুয়োটা স্পীড ব্ৰেকাৰ ভাঙি পেলোৱাৰ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে ৷ ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য নাৰাখি কেৱল নিজৰ স্বাৰ্থ বাবে বিধায়কগৰাকীৰ এই কৰ্ম ৷ স্পীড ব্ৰেকাৰ থকাৰ বাবে কঁকালৰ বিষ হোৱাৰ আশংকা কৰিছে বিধায়ক আলীয়ে ৷ কঁকালৰ বিষত ভোগাৰ আশংকা কৰা বিধায়ক শ্বেৰমানে হেলিকপ্টাৰেৰে যাতায়াত কৰক ৷’’
লগতে পঢ়ক:কলগাছিয়াৰ দাৱনদিয়াৰ পথ দুৰ্ঘটনাত আহত দুই যুৱক