পাটাছাৰকুছি,১৮মে': কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি? সম্প্ৰতি অসমৰ ৰাজনীতিত এক চৰ্চিত বিষয় হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি সলনিৰ প্ৰসংগ ৷ কিন্তু পাঠশালাৰ বিজেপি কাৰ্যালয়ত বিজেপিৰ সভাপতি সলনি হোৱা বিষয়টো একপ্ৰকাৰ অস্বীকাৰ কৰে বিজেপিৰ মুখ্য সাংগঠনিক সম্পাদক ফণী শৰ্মাই ৷
কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি ? - ইটিভি ভাৰত
তিনিবছৰৰ অন্তৰালত অনুষ্ঠিত হৈ অহা বিজেপিৰ সাংগঠনিক নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ নোহোৱা পৰ্যন্ত দলৰ ৰাজ্যিক সভাপতি সলনি হোৱাৰ প্ৰশ্ন নুঠে বুলিও প্ৰকাশ কৰে বিজেপিৰ মুখ্য সাংগঠনিক সম্পাদক ফণী শৰ্মাই ৷ এনে বিষয়ে সংবাদ মাধ্যমৰ পৰা শুনা বুলিহে কয় বিজেপি নেতাগৰাকীয়ে ৷

BJP PATHSHALA
কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি?
আনহাতে লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পাচতহে ৰাজ্যসভাৰ নিৰ্বাচনৰ বিষয়টো আলোচনা কৰা হ'ব বুলিও কয় বিজেপি নেতাগৰাকীয়ে ৷ ৰাজ্য সভাত অগপক আসন এৰি দিয়া বিষয়েও সময়ৰ কথা সময়ত ভবা হ'ব বুলি মন্তব্য কৰে বিজেপি নেতা গৰাকীয়ে ৷