অসম

assam

ETV Bharat / state

Protest in Barpeta : বিশেষভাৱে সক্ষম লোকক চতুৰ্থ বৰ্গৰ নিযুক্তিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী - বিশেষভাৱে সক্ষম লোকক চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ দাবী

প্ৰতিবাদত উত্তাল হ’ল বৰপেটা চহৰ (Protest in Barpeta) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত এইবাৰ প্ৰতিবাদত বহিল বৰপেটাৰ বিশেষভাৱে সক্ষম লোকসকল ৷

Specially Able protest in Barpeta
বিশেষভাৱে সক্ষম লোকৰ চতুৰ্থ বৰ্গৰ নিযুক্তিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

By

Published : Jul 25, 2022, 6:30 PM IST

বৰপেটা, ২৫ জুলাই : ‘‘হয় চৰকাৰে আমাক চাকৰি দিয়ক, নহ’লে আমাক মাৰি পেলাওক ৷ বহুত কষ্ট হৈছে ৷ নোৱাৰিছো আৰু সহ্য কৰিব’’ ৷ সোমবাৰে বৰপেটা জিলাৰ বিশেষভাৱে সক্ষম লোকসকলে জিলা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আহি এই মন্তব্য কৰে এগৰাকী প্ৰতিবাদকাৰীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ ৪১৯৬ গৰাকী বিশেষভাৱে সক্ষম লোকক চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ দাবীত সদৌ অসম বিকলাংগ সন্থাৰ উদ্যোগত সোমবাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হয় প্ৰতিবাদ (Specially Able protest in Barpeta) ৷ বৰপেটাতো জিলাখনৰ বিশেষভাৱে সক্ষম লোকসকলে বিকলাংগ সন্থাৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷

লগতে প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তগৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণৰ ব্যৱস্থাও কৰে ৷

বিশেষভাৱে সক্ষম লোকৰ চতুৰ্থ বৰ্গৰ নিযুক্তিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী

কিন্তু জিলা উপায়ুক্তগৰাকীৰ কোনো প্ৰতিনিধিয়ে স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ নহা বাবে প্ৰতিবাদকাৰীসকলে উত্তেজিত হৈ পৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত জিলা উপায়ুক্তগৰাকীৰ হৈ সহকাৰী আয়ুক্ত দীপাংকৰ কলিতাই প্ৰতিবাদসস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ পৰা স্মাৰক পত্ৰখন গ্ৰহণ কৰে ৷

এই স্মাৰক পত্ৰখনৰ জৰিয়তে চতুৰ্থ বৰ্গৰ চাকৰিৰ মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হোৱা বিশেষভাৱে সক্ষম সকলো লোকৰে চাকৰি নিশ্চিত কৰিবলৈ দাবী জনায় ৷ কেৱল তেওঁলোকৰ চাকৰি নিশ্চিত কৰাই নহয়, বিশেষভাৱে সক্ষম লোকসকলক চতুৰ্থ বৰ্গৰ নিযুক্তিত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক :Tea workers protest: বিভিন্ন দাবীৰে বোকাখাতত চাহ শ্ৰমিকৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details