বৰপেটা,13 আগষ্টঃসত্ৰনগৰী বৰপেটাৰ গহনা শিল্প হৈছে এক অতি পুৰণিকলীয়া থলুৱা শিল্প ৷ গুৰুজনা মাধৱদেৱ মহাপুৰুষৰ দিনৰ পৰাই বৰপেটাত চলি অহা গহনা শিল্পৰ ঐতিহ্য ম্লান পৰিবলৈ দিয়া নাই নতুন প্ৰজন্মইও ৷ হৰিৰাম দাস বনিয়া আতৈয়ে আৰম্ভ কৰিছিল বৰপেটাৰ প্ৰাচীন অসমীয়া গহনা শিল্প ৷ জোনবিৰি, গামখাৰু, কেৰু, গলপতা, ঢোল মাদুলি, জাপিসোণ, ঠোকাসোণ আদি বিবিধ অসমীয়া গহনা প্ৰস্তুত কৰে সত্ৰনগৰী বৰপেটাৰ কাৰুশিল্পীসকলে ৷
অসমীয়া গহনা শিল্পৰ বাবে পৰিচিত এখন সত্ৰনগৰী - সত্ৰীয়া সংস্কৃতিয়ে মহীয়ান কৰা বৰপেটা
সত্ৰীয়া সংস্কৃতিয়ে মহীয়ান কৰা বৰপেটাৰ অসমীয়া গহনা শিল্প ৷ পুৰুষানুক্ৰমে জীয়াই ৰাখিছে অসমীয়া গহনাৰ মান আৰু পৰম্পৰা ৷ সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা অসমীয়া গহনাৰ ওপৰত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন ৷
অসমীয়া গহনা শিল্পৰ বাবে পৰিচিত এখন সত্ৰনগৰী
বৰপেটাৰ থলুৱা কাৰুশিল্পীয়ে তৈয়াৰ কৰা এই অসমীয়া গহনাৰ আদৰ আৰু চাহিদা আছে ৰাজ্যখনত ৷ বিভিন্ন অসমীয়া গহনা বৰপেটাৰ পৰাই ৰাজ্যখনৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয় ৷ বৰপেটাৰ প্ৰায় তিনি শতাধিক পৰিয়াল নিয়োজিত হৈ আছে এই গহনা শিল্পৰ লগত ৷ দেশত চলা লক্ ডাউনে যেন আৰ্থিকভাৱে জুৰুলা কৰি তুলিলে এই সকল কাৰু শিল্পীক ৷ তথাপি শুভদিনৰ প্ৰতীক্ষাৰে বৰপেটাৰ ঐতিহ্যক মহীয়ান কৰা গহনা শিল্পটোক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিজন থলুৱা শিল্পীয়ে ৷