অসম

assam

ETV Bharat / state

বৰপেটা জিলাৰ ভগ্ন মথাউৰি সমুহৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত বিশেষ বৈঠক - শ্বেৰমান আলী আহমেদ

পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ জলসম্পদ বিভাগৰ লগতে কৃষি আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতেও জিলাখনৰ পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনাৰ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Special meeting about re construction of the broken embankment of Barpeta
বৰপেটা জিলাৰ ভগ্ন মথাউৰি সমুহৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত বিশেষ বৈঠক

By

Published : Apr 21, 2020, 8:55 PM IST

বৰপেটা, ২১ এপ্ৰিল: আগন্তুক বানপানী আৰু বৰপেটা জিলাৰ ভগ্ন মথাউৰি সমুহৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত মঙলবাৰে বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক ৷ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ জলসম্পদ বিভাগৰ লগতে কৃষি আৰু অন্যান্য বিভাগৰ বিষয়াসকলৰ সৈতেও জিলাখনৰ পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনাৰ কৰে মন্ত্ৰী গৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে সাংবাদিকক জনোৱামতে,লক ডাউনৰ বাবে ৰাজ্যত এমাহ ধৰি বন্ধ হৈ আছে ভগ্ন মথাউৰি মেৰামতিৰ কাম ৷ চৰকাৰে মথাউৰিসমুহ মেৰামতিৰ অনুমতি দিয়াৰ পিচতে মঙলবাৰৰ পৰা মেৰামতিৰ কাম আৰম্ভ হৈছে আৰু বতৰ প্ৰতিকূল হ'লেও সীমিত সময়ৰ ভিতৰতে ভগ্ন মথাউৰিসমূহ মেৰামতি সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

বৰপেটা জিলাৰ ভগ্ন মথাউৰি সমুহৰ পুনৰ নিৰ্মাণ সন্দৰ্ভত বিশেষ বৈঠক

ইপিনে কৰ'ণাৰ বাবে এইবাৰৰ বান পৰিস্থিতি অতিশয় জটিল হ'ব বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰী গৰাকীয়ে ৷ বানৰ কৱলত পৰা অঞ্চলসমুহত পূৰ্বৰ দৰে শিবিৰ স্থাপন কৰাতো সম্ভৱ নহ'ব বুলি মন্তব্য কৰি এইবেলি সামাজিক দুৰত্ব আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো অধিক গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজন হ'ব ৷ ইপিনে ৰাজ্যত 68 টা স্থান বানপানীৰ বাবে সংকটজনক অৱস্থাত থকা বুলি উল্লেখ কৰি উক্ত স্থানসমুহত মঙৰবাৰৰ পৰা পুনৰ মেৰামতিৰ কাম আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ কিন্তু বাৰিষাৰ পূৰ্বে মেৰামতিৰ কাম সম্পূৰ্ণ হোৱাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ভগ্ন স্থানসমুহ বিপদমুক্ত বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে উক্ত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস,বাঘবৰ আৰু সৰুক্ষেত্ৰীৰ বিধায়ক শ্বেৰমান আলী আহমেদ আৰু জাকিৰ হুছেইন শিকদাৰে ৷

লগতে পঢ়কঃ ৰাজ্যত আজিৰে পৰা আৰম্ভ চৰকাৰী কাৰ্যালয়

ABOUT THE AUTHOR

...view details