বৰপেটাৰোড, 10 আগষ্ট: নৱপ্ৰজন্মৰ বাবে মাৰাত্মক ব্যাধিত পৰিণত হৈছে নিষিদ্ধ ড্ৰাগছ ৷ ড্ৰাগছৰ কৰাল গ্ৰাসত আজিৰ একাংশ যুৱপ্ৰজন্ম ৷ ড্ৰাগছ কৱলত পৰি ধ্বংস হৈছে বহু যুৱক ৷ লগতে নি:শেষ হৈ গৈছে বহু পৰিয়ালৰ সুখ-শান্তি ৷ ড্ৰাগছ আসক্ত যুৱকে ড্ৰাগছ সেৱন কৰিব নোবাৰিলে অথবা ধন নাপালে নিজৰ ঘৰখনতে চলাই অত্যাচাৰ (Drugs destroy many homes) ৷
শেহতীয়াকৈ এনে এক ঘটনাই সংঘটিত হৈছে বৰপেটাৰোডত ৷ ড্ৰাগছ সেৱন কৰাৰ বাবে পিতৃয়ে টকা নিদিয়াৰ বাবেই নিজৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে ড্ৰাগছ আসক্ত যুৱকজনে ৷
এই ঘটনা সংঘটিত হৈছে বৰপেটাৰোডৰ বালাভিঠাৰ বেঁকীৰপাৰত । কৃষ্ণ দাস নামৰ যুৱকজনে ড্ৰাগছ, মদ, ভাং, গাঞ্জা আদি নিচাজাতীয় দ্ৰব্য সেৱন কৰি সদায় মাতাল হৈ অত্যাচাৰ চলায় ঘৰখনত ৷ ড্ৰাগছ সেৱন কৰিবলৈ এপদ এপদকৈ বিক্ৰি কৰি আহিছিল ঘৰৰ সকলো সামগ্ৰী ৷ নিজৰ ঘৰৰ প্ৰতিপদ প্ৰয়োজনীয় সামগ্ৰী ঘৰৰ পৰা নি বাহিৰত বিক্ৰি কৰা বুলি জনায় দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ কিন্তু এইবাৰ যুৱকৰ অত্যাচাৰে চেৰাই গ’ল চৰম সীমা ৷ নিচাজাতীয় দ্ৰব্য ক্ৰয়ৰ বাবে পিতৃৰ পৰা টকা খুজিছিল যুৱকজনে ৷ কিন্ত দৰিদ্ৰ পিতৃয়ে টকা দিব নোৱাৰাৰ বাবেই নিচাসক্ত পুত্ৰই ভগ্নী আৰু পিতৃ-মাতৃৰ প্ৰহাৰ কৰে ৷