জনীয়া,২৬ অক্টোবৰ:নিৰ্দয় পিতৃৰ প্ৰহাৰত গুৰুতৰভাৱে আহত পুত্ৰৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু(Son murdered by father) । এই ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে এক শোকাকুল পৰিৱেশৰ । বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত সংঘটিত হৈছে এই ঘটনা । ২৩ অক্টোবৰৰ মাজনিশা বালিকুৰি এন চি গাঁৱৰ ৰফিকুল ইছলাম নামৰ ব্যক্তিজনৰ বাসগৃহত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা(Jania beating case) ।
ৰফিকুল ইছলামৰ কাঠৰ বাটামৰ কোবত পত্নী গুৰুতৰভাৱে আহত হোৱাৰ লগতে দুই পুত্ৰ আৰু কন্যাও গুৰুতৰভাৱে আহত হয় । পিছ মুহূৰ্তত স্থানীয় ৰাইজে ততাতৈয়াকৈ কলগাছিয়াস্থিত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও তিনিজন ক্ৰমে স্বফিকুল ইছলাম, শফিউৰ ৰহমান আৰু সূৰ্য ভানুৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ(Gauhati Medical College Hospital) প্ৰেৰণ কৰে । কিন্তু দুদিন পিছত পুত্ৰ স্বফিকুল ইছলামে মৃত্যুক আঁকোৱালি লয় ।